পদ্ম ভূষণ বঁটা বিজয়ী কানাড়া সাহিত্যিক এছ.এল. ভীৰাপ্পাৰ দেহাৱসান
বাংগালুৰু, ২৪ ছেপ্টেম্বৰ (হি স)। পদ্ম ভূষণ আৰু সৰস্বতী সন্মান বঁটা বিজয়ী সাহিত্যিক এছ.এল. ভীৰাপ্পাই বুধবাৰে বেংগালুৰুৰ ৰাজাৰাজেশ্বৰী নগৰৰ ৰাষ্ট্রোথানা চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে । স্মৃতিভ্ৰংশ ৰোগত আক্ৰান্ত ভীৰাপ্পাই মহীশূৰ এৰি বাংগালুৰুত চিক
Slb


বাংগালুৰু, ২৪ ছেপ্টেম্বৰ (হি স)। পদ্ম ভূষণ আৰু সৰস্বতী সন্মান বঁটা বিজয়ী সাহিত্যিক এছ.এল. ভীৰাপ্পাই বুধবাৰে বেংগালুৰুৰ ৰাজাৰাজেশ্বৰী নগৰৰ ৰাষ্ট্রোথানা চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে ।

স্মৃতিভ্ৰংশ ৰোগত আক্ৰান্ত ভীৰাপ্পাই মহীশূৰ এৰি বাংগালুৰুত চিকিৎসাধীন হৈ আছিল। ১৯৩১ চনৰ ২০ আগষ্টত হাছান জিলাৰ চন্নৰায়পট্না তালুকৰ সন্তেশ্বৰাত জন্মগ্ৰহণ কৰা তেখেতে মহীশূৰত মাধ্যমিক আৰু স্নাতকোত্তৰ শিক্ষা সমাপ্ত কৰি এম.এ. পিছলৈ তেওঁ ট্ৰুথ এণ্ড বিউটি নামৰ ইংৰাজী গৱেষণা পত্ৰখনৰ বাবে বৰোদাৰ মহাৰাজা সয়াজীৰাও বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে।

ভাইৰপ্পাৰ সাহিত্যিক ৰচনা কানাড়া ভাষাৰ সীমা অতিক্ৰম কৰি সমগ্ৰ ভাৰতবৰ্ষতে বিখ্যাত। তেওঁৰ প্ৰধান উপন্যাসসমূহৰ ভিতৰত গ্ৰহভংগ, বামশবৃক্ষ, নেলে, সাক্ষী, নাই নেনু, তব্বলিউ নিনাদে মগানে, দাতু, ধৰ্মশ্ৰী, পৰ্ব, ভিত্তী, ইত্যাদি ২৪ খন। ইয়াৰে বহু গ্ৰন্থ হিন্দী, মাৰাঠী, ইংৰাজীকে ধৰি ১৪টা ভাৰতীয় ভাষালৈ অনুবাদ কৰা হৈছে।

তিনিটা দশক ধৰি এনচিইআৰটিৰ দৰ্শন বিজ্ঞানৰ অধ্যাপক ভীৰাপ্পাই সাহিত্য সমালোচনা, নান্দনিকতা, সংস্কৃতিৰ ওপৰত পাঁচখন গ্ৰন্থ প্ৰকাশ কৰিছিল। তেওঁৰ সাহিত্যৰ ওপৰত অসংখ্য গৱেষণা পত্ৰ লিখা হৈছে।

ভাৰতীয় আৰু পশ্চিমীয়া সংগীত, চিত্ৰকলা, ভাস্কৰ্য্য শিল্পৰ প্ৰতিও আগ্ৰহী ভীৰাপ্পাই সাতখন মহাদেশ ভ্ৰমণ কৰি নিজৰ জীৱন সমৃদ্ধ কৰিছিল। কানাড়া সাহিত্য জগতত অমলিন চিন ৰখা ভীৰাপ্পাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে দেশৰ সাংস্কৃতিক সমাজে।

हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী


 rajesh pande