নুমলীগড়ত জুবিনৰ স্মৃতি জীৱন্ত কৰি ৰাখিবলৈ ৫০০ জোপা নাহৰ পুলি ৰোপণৰ আৰম্ভ এগৰাকী মহিলাৰ
গোলাঘাট, ২৪ ছেপ্তেম্বৰ (হি.স.)। নুমলীগড়ৰ সমীপৰ বকিয়ালৰ। বকিয়াল চাহ বাগিচা, আদৰ্শ বিদ্যালয়ৰ প্ৰাঙ্গনত জুবিনৰ প্ৰতিচ্ছবিৰ সন্মুখত আজি এগছি বন্তিৰে শেষ শ্ৰদ্ধা জনাই আৰম্ভ কৰিলে জুবিনৰ অতিকৈ প্ৰিয় নাহৰ পুলি ৰোপণ। মৰঙি মৌজাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ
নুমলীগড়ত জুবিনৰ স্মৃতি জীৱন্ত কৰি ৰাখিবলৈ ৫০০ জোপা নাহৰ পুলি ৰোপণৰ আৰম্ভ এগৰাকী মহিলাৰ


গোলাঘাট, ২৪ ছেপ্তেম্বৰ (হি.স.)। নুমলীগড়ৰ সমীপৰ বকিয়ালৰ। বকিয়াল চাহ বাগিচা, আদৰ্শ বিদ্যালয়ৰ প্ৰাঙ্গনত জুবিনৰ প্ৰতিচ্ছবিৰ সন্মুখত আজি এগছি বন্তিৰে শেষ শ্ৰদ্ধা জনাই আৰম্ভ কৰিলে জুবিনৰ অতিকৈ প্ৰিয় নাহৰ পুলি ৰোপণ।

মৰঙি মৌজাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, বিদ্যালয়, মহাবিদ্যালয়ত ৫ শতাধিক নাহৰ পুলি ৰোপন কৰাৰ লক্ষ্যৰে নিজাববীয়াকৈ এই প্ৰচেষ্টা। এই মহিলাগৰাকী হৈছে মৰঙি জিলা পৰিষদৰ সদস্যা জুমনি বৰুৱা ফুকন। তেওঁৰ সহযোগীৰ সৈতে নাহৰ ৰোপণৰ দ্বাৰা জুবিনৰ যি সপোন,যি ভালপোৱা এই সপোন বাস্তৱত পৰিণত কৰাৰ এক মহৎ প্ৰয়াস।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande