নলবাৰী, ২৪ ছেপ্টেম্বৰ (হি.স.): প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই নলবাৰীত বাহিৰ কৰা হয় বিশাল শান্তি সমদল ৷ নলবাৰীৰ চৰকাৰী গৰ্ডন স্কুল খেলপথাৰৰ পৰা হাতে হাতে মমবাতি লৈ কালি সন্ধিয়া কেবা-সহশ্ৰাধিক লোকে অংশ লয় শান্তি সমদলত ৷
শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে অংশ লৈ শ্ৰদ্ধাঞ্জলি জনাই প্ৰানৰ শিল্পী গৰাকীলৈ৷জিলা খনৰ ভিন্ন স্তৰৰ লোক স্বতঃস্ফূৰ্তভাৱে ওলাই আহি ভাগ লয় শান্তি সমদলত ৷ নিজৰ নিজৰ মোবাইলৰ ফ্লাচ লাইট জ্বলাই হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শেষ শ্ৰদ্ধাঞ্জলি নলবাৰী ৰাইজৰ ৷ দলমত আৰু ধৰ্ম নিৰ্বিশেষে এইদৰে একেখন মঞ্চতে সকলো একগোট হৈ প্ৰাণৰ শিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই নলবাৰী চহৰ পৰিভ্ৰমণ কৰে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ