শৰীৰৰ তেজেৰে বৰপেটাৰ সৰভোগত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকনে
বৰপেটা, ২৪ ছেপ্টেম্বৰ (হি.স.)। তেজতকৈয়ো আপোন মৰমৰ শিল্পী জুবিন গাৰ্গ । সেয়ে শৰীৰৰ তেজেৰে বৰপেটাৰ সৰভোগত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকনেৰে প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলে সৰভোগৰ অখিল ভাৰতীয় ৱিদ্যাৰ্থী পৰিষদে। অকালতে জুবিনক হেৰুৱ
শৰীৰৰ তেজেৰে বৰপেটাৰ সৰভোগত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকনে


বৰপেটা, ২৪ ছেপ্টেম্বৰ (হি.স.)। তেজতকৈয়ো আপোন মৰমৰ শিল্পী জুবিন গাৰ্গ । সেয়ে শৰীৰৰ তেজেৰে বৰপেটাৰ সৰভোগত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকনেৰে প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলে সৰভোগৰ অখিল ভাৰতীয় ৱিদ্যাৰ্থী পৰিষদে।

অকালতে জুবিনক হেৰুৱাৰ দুখত সমগ্ৰ অসমবাসী আজি মূক, মৌন, শোকত দগ্ধ। জুবিনৰ অকাল, আকস্মিক মৃত্যুৰ খবৰ পোৱাৰ পিচৰেপৰাই সমগ্ৰ অসমবাসীয়ে জুবিন গাৰ্গলৈ জনাই আহিছে শ্ৰদ্ধাঞ্জলি। অসমৰ এনে এখন চহৰ, মহানগৰ নাই, এনে এখন গাঁও, এনে এটা অঞ্চল নাই, এনে এটা পথ নাই য'ত জুবিনৰ প্ৰতি অনুষ্ঠিত হোৱা নাই শ্ৰদ্ধাঞ্জলি। য'ত হাজাৰ হাজাৰ অনুৰাগীয়ে কান্দি কান্দি বাউলী হৈ গোৱা নাই জুবিনৰ গান ; যি গানেৰে প্ৰিয় শিল্পীগৰাকীলৈ জনাই আহিছে শ্ৰদ্ধাঞ্জলি।

নিজৰ তেজতকৈয়ো আপোন জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে বৰপেটাৰ সৰভোগত তেজেৰে অংকন কৰিলে জুবিনৰ ফটো।

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সৰভোগ শাখাৰ উদ্যোগত সৰভোগৰ যুৱক-যুৱতী তথা জুবিন অনুৰাগীসকলে দেহৰ ৰক্তৰে অংকন কৰিলে জুবিন গাৰ্গৰ এখন প্ৰতিচ্ছবি । সৰভোগৰ বিশিষ্ট চিত্ৰশিল্পী দিলীপ নাথে জুবিনৰ অনুৰাগী সকলৰ তেজেৰে অংকন কৰে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি ।

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সৰভোগ শাখাৰ উদ্যোগত-সৰভোগ আৰু ইয়াৰ আশেপাশে থকা অঞ্চলৰ যুৱক-যুৱতী তথা জুবিন অনুৰাগীসকলে হাৰ্টথ্ৰ'ৱ জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবলৈ আয়োজন কৰা অনুষ্ঠানত দেহৰ তেজেৰে শিল্পী দিলীপ নাথে অংকন কৰিলে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি ৷

এবিভিপিৰ যুৱক যুৱতী সকলে তেজেৰে অংকন কৰা এই প্ৰতিচ্ছবিখন জুবিন গাৰ্গৰ পৰিয়ালক প্ৰদান কৰিব বুলি শিল্পী দিলীপ নাথে প্ৰকাশ কৰে ৷

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande