চাংহাই মাষ্টাৰছত অংশগ্ৰহণ কৰিব ন’ভাক জ’কভিচে
পেৰিছ, ২৪ ছেপ্টেম্বৰ (হি.স.)। অহা মাহত অনুষ্ঠিত হ’বলগীয়া ছাংহাই মাষ্টাৰছত অংশগ্ৰহণ কৰিব বিশ্বৰ এক নম্বৰ স্থানৰ প্ৰাক্তন নোভাক জ’কভিচে। মঙলবাৰে এই আনুষ্ঠানিক ঘোষণা কৰে প্ৰতিযোগিতাখনৰ আয়োজকসকলে। আয়োজকসকলে ছ’চিয়েল মিডিয়াত লিখিছে, “তেওঁ ঘূৰি আহিছে..
नोवाक जोकोविच


পেৰিছ, ২৪ ছেপ্টেম্বৰ (হি.স.)। অহা মাহত অনুষ্ঠিত হ’বলগীয়া ছাংহাই মাষ্টাৰছত অংশগ্ৰহণ কৰিব বিশ্বৰ এক নম্বৰ স্থানৰ প্ৰাক্তন নোভাক জ’কভিচে। মঙলবাৰে এই আনুষ্ঠানিক ঘোষণা কৰে প্ৰতিযোগিতাখনৰ আয়োজকসকলে। আয়োজকসকলে ছ’চিয়েল মিডিয়াত লিখিছে, “তেওঁ ঘূৰি আহিছে... আমাৰ চাৰিবাৰৰ চেম্পিয়ন এই বছৰ চাংহাইলৈ উভতি আহিব।”

ছেপ্টেম্বৰৰ আৰম্ভণিতে ইউ এছ অ’পেনৰ ছেমি ফাইনেলত কাৰ্লোছ আলকাৰাজৰ হাতত পৰাস্ত হোৱাৰ পিছত ২৪ বাৰৰ গ্ৰেণ্ড শ্লেম বিজয়ীগৰাকীয়ে আনুষ্ঠানিক মেচ খেলিব পৰা নাই।

এই পৰাজয়ৰ পিছত ৩৮ বছৰীয়া জ’কভিচে নিজৰ বাকী ছিজনৰ বাবে স্পষ্ট সূচী প্ৰদান কৰা নাছিল। এইবাৰ তেওঁ বিগত বছৰতকৈ যথেষ্ট কম টুৰ্ণামেণ্ট খেলিছে। বৰ্তমান তেওঁ মাত্ৰ ২৫০ নৱেম্বৰৰ পৰা ৮ নৱেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া এথেন্স ২৫০ ইভেণ্টত অংশগ্ৰহণ কৰাটো নিশ্চিত কৰিছে, যিয়ে এইবাৰৰ কেলেণ্ডাৰত বেলগ্ৰেড প্ৰতিযোগিতাৰ ঠাই ল’ব।

পেৰিছ মাষ্টাৰছ (২৭ অক্টোবৰ–২ নৱেম্বৰ) আৰু টুৰিনত অনুষ্ঠিত হ’বলগীয়া এ টি পি ফাইনেলত (৯–১৬ নৱেম্বৰ) তেওঁৰ অংশগ্ৰহণ এতিয়াও নিশ্চিত হোৱা নাই। ২০১২, ২০১৩, ২০১৫ আৰু ২০১৮ চনত ছাংহাই মাষ্টাৰছত জয়লাভ কৰিছিল জ’কভিচে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande