নতুন দিল্লী, ২৪ ছেপ্টেম্বৰ (হি.স.)। ক্ৰ’ৱেচিয়ান টেনিছ কিংবদন্তি তথা ন’ভাক জ’কভিচৰ প্ৰাৰম্ভিক প্ৰশিক্ষক নিকোলা পিলিচৰ ৮৬ বছৰ বয়সত মৃত্যু হৈছে। ক্ৰ’ৱেচিয়ান টেনিছ এছ’চিয়েশ্যনে মঙলবাৰে এই কথা ঘোষণা কৰে।
১৯৮৮ চনৰ পৰা ১৯৯৩ চনৰ ভিতৰত জাৰ্মানীক তিনিটা ডেভিছ কাপ খিতাপ দখল কৰিবলৈ নেতৃত্ব দিছিল পিলিচে। ২০০৫ চনত ক্ৰ'ৱেচিয়াক প্ৰথম ডেভিছ কাপ জয়ৰ দিশতো গাইড কৰিছিল আৰু ২০১০ চনত ছাৰ্বিয়াক মেণ্টৰিং কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
১২ বছৰ বয়সত জাৰ্মানীৰ পিলিচৰ একাডেমীত যোগদান কৰা ন’ভাক জ’কভিচে তেওঁক তেওঁৰ “টেনিছ ডেড” বুলি কয়। ২০১৮ চনত ইনষ্টাগ্ৰাম পোষ্টত জ’কভিচে লিখিছিল, নিকি মোৰ জীৱন আৰু টেনিছৰ অন্যতম গুৰুত্বপূৰ্ণ গুৰু। তেওঁৰ একাডেমীত মোৰ সময়খিনিয়ে মোৰ খেল আৰু কেৰিয়াৰত গভীৰ প্ৰভাৱ পেলাইছিল।
ক্ৰ’ৱেচিয়ান টেনিছ এছ’চিয়েশ্যনে এক বিবৃতি প্ৰকাশ কৰি কয় যে তেওঁ আছিল আমাৰ দেশৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ আৰু প্ৰশিক্ষক।
জ’কভিচেও তেওঁক সোঁৱৰণ কৰি লিখিছিল, “তেওঁ আছিল এজন সফল খেলুৱৈ আৰু আৰু অধিক সফল প্ৰশিক্ষক।”
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া