নিউয়ৰ্ক যান-জঁটত আবদ্ধ হৈ থকা মেক্ৰনৰ ট্ৰাম্পলৈ ফোন
নিউয়ৰ্ক, ২৪ ছেপ্টেম্বৰ (হি.স.)। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কনভয়ৰ সুকলমে পাৰ হ’বৰ বাবে আৰক্ষীয়ে পথ বন্ধ কৰি দিয়াৰ সময়তে মঙলবাৰে নিউয়ৰ্কৰ যাতায়তত আবদ্ধ হৈ পৰিছিল ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, এটা ভিডি
सड़क पर यातायात में  फँसे मैक्रों ने ट्रंप को फ़ोन किया


নিউয়ৰ্ক, ২৪ ছেপ্টেম্বৰ (হি.স.)। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কনভয়ৰ সুকলমে পাৰ হ’বৰ বাবে আৰক্ষীয়ে পথ বন্ধ কৰি দিয়াৰ সময়তে মঙলবাৰে নিউয়ৰ্কৰ যাতায়তত আবদ্ধ হৈ পৰিছিল ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, এটা ভিডিঅ’ত দেখা গৈছে যে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে যান-জঁটত আবদ্ধ হৈ পৰাৰ পিছত নিজৰ গাড়ীৰ পৰা ওলাই আহি আমেৰিকাৰ ৰাষ্ট্ৰপতিক ফোন কৰি ধেমালিতে তেওঁক “পথ মুকলি” কৰিবলৈ কয়।

খবৰ অনুসৰি ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত ভাষণ দি গন্তব্যস্থানলৈ গৈ আছিল মেক্ৰনে। এটা ভিডিঅ’ত মেক্ৰনে এজন আৰক্ষী বিষয়াৰ সৈতে খঙেৰে তৰ্ক কৰি থকা দেখা গৈছিল, বেৰিকেড পাৰ হোৱাৰ অনুমতি বিচাৰিছিল। কিন্তু বিষয়াগৰাকীয়ে ক্ষমা বিচাৰি মেক্ৰনক কয় যে ডজনতকৈও অধিক বাহনেৰে গঠিত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ কনভয়ৰ বাবে ঠাই সৃষ্টি কৰিবলৈ পথসমূহ বন্ধ কৰি দিয়া হৈছে।

খবৰ অনুসৰি মেক্ৰনে বেৰিকেডত ওলমি থকা বিষয়াজনক কয়, “যদি কনভয়টো দেখা পোৱা নাই, তেন্তে মোক পাৰ হ’বলৈ দিয়ক।”

অৱশ্যে ৰৈ থাকিবলৈ বাধ্য হৈ তেওঁ ট্ৰাম্পক ফোন কৰি ক'লে, হেৰা, কেনে আছা? অনুমান কৰকচোন, মই ৰাস্তাত ৰৈ আছো কাৰণ আপোনাৰ বাবে সকলো বন্ধ হৈ গৈছে! কিন্তু তেতিয়ালৈকে ট্ৰাম্পৰ কনভয় পাৰ হৈ গৈছিল আৰু পথটো কেৱল পথচাৰীৰ বাবে মুকলি আছিল।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande