লংকাৰ কাকীত জনকন্ঠ জুবিন গাৰ্গৰ ১১ ফুট দৈৰ্ঘ্যৰ মূৰ্তি নিৰ্মাণৰ কামত ব্যস্ত্য এজন অনুৰাগী
হোজাই, ২৪ ছেপ্টেম্বৰ (হি.স.)। লংকাৰ কাকীৰ এজন জুবিন দা অনুৰাগী।। জুবিন দাৰ মৃত্যুৰ খবৰ পোৱাৰ পাছৰে পৰা দিনে নিশাই লাগি পৰিছে জুবিন দাৰ এটা ১১ ফুট দৈৰ্ঘ্যৰ প্ৰতি মুৰ্তি নিৰ্মাণৰ কামত। যজ্ঞজ্যোতি বৰা নামৰ ২ নং কাকী ভাস্কৰ্য শিল্পী জনে নিজ হাতৰ পৰশ আ
লংকাৰ কাকীত জনকন্ঠ জুবিন গাৰ্গৰ ১১ ফুট দৈৰ্ঘ্যৰ মূৰ্তি নিৰ্মাণৰ কামত ব্যস্ত্য এজন অনুৰাগী


হোজাই, ২৪ ছেপ্টেম্বৰ (হি.স.)। লংকাৰ কাকীৰ এজন জুবিন দা অনুৰাগী।। জুবিন দাৰ মৃত্যুৰ খবৰ পোৱাৰ পাছৰে পৰা দিনে নিশাই লাগি পৰিছে জুবিন দাৰ এটা ১১ ফুট দৈৰ্ঘ্যৰ প্ৰতি মুৰ্তি নিৰ্মাণৰ কামত।

যজ্ঞজ্যোতি বৰা নামৰ ২ নং কাকী ভাস্কৰ্য শিল্পী জনে নিজ হাতৰ পৰশ আৰু সম্পূৰ্ণ নিজা খৰচেৰে নিৰ্মাণ কৰি আছে মৰমৰ,প্ৰাণৰ শিল্পী গৰাকীৰ মুৰ্তি।।ৰাজ্যখনত এনেদৰে চাৰিটা মুৰ্তি নিৰ্মাণৰ লক্ষ্য ৰাখি প্ৰথমটো মুৰ্তি ২ নং কাকী চাৰিআলিত নিৰ্মাণ কৰিব যুৱক জনে।। আদ্য শ্ৰাদ্ধানুষ্ঠানৰ আগতেই প্ৰিয় শিল্পী জনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ দিনে নিশাই লাগি পৰিছে ভাস্কৰ্য শিল্পী গৰাকী।। এয়াই জুবিন,, এয়াই জুবিনৰ প্ৰতি ভালপোৱা,মৰম।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande