কামৰূপ, ২৪ ছেপ্টেম্বৰ (হি.স.): বাইহাটা চাৰিআলিত যোৱাকালি সন্ধিয়া কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ সমাজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰে এই প্ৰতিবাদ ।
অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক চিংগাপুৰলৈ শ্যামকানু মহন্তই সংগীত পৰিবেশন কৰিবলৈ সুস্থ শৰীৰে লৈ যোৱাৰ পিচত নিঠৰ শৰীৰটোৱে পঠাই দিয়াৰ অভিযোগ প্ৰতিবাদী সকলৰ । জুবিন গাৰ্গৰ এই অকাল মৃত্যুৰ তদন্ত চিআইডিৰ সলনি চিবিআইক অৰ্পন কৰাৰ দাবী জনোৱাৰ লগতে দুয়োজনকে গ্ৰেপ্তাৰ কৰাৰো দাবী জনাই চৰকাক । অন্যথাই অসমীয়াৰ অশ্ৰু এদিন জুই হৈ দুয়োজনকে খেদি ফুৰিব বুলিও কয় প্ৰতিবাদ কাৰী সকলে । উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰে ৰাইজৰ দলৰ কাৰ্যকৰ্তা হৰেশ্বৰ বৰ্মনৰ লগতে ছাত্ৰ মুক্তিৰ সদস্য সকলে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ