নগাঁও, ২৪ ছেপ্টেম্বৰ (হি.স.)। জুবিন গাৰ্গৰ সান্নিধ্য সুঁৱৰি আবেগিক হৈ পৰিল বিহু আৰু ভক্তিমুলক গীতৰ এগৰাকী স্ৰষ্টা কলিয়াবৰৰ পূবথৰীয়াৰ মুকুন্দ তামুলী। মুকুন্দ তামুলীৰ মুঠ ১৮ টা গীতত কণ্ঠদান কৰিছিল জুবিনে।
জুবিনে কণ্ঠদান কৰা নিজৰ ভক্তিমূকল গীত আওৰাই জুবিনৰ সানিধ্যৰ কথা সুঁৱৰিলে এইগৰাকী গীতিকাৰে। লগতে জুবিনৰ অনাকাংক্ষিত মৃত্যুৰ তদন্ত কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈও মুখ্যমন্ত্ৰীক দাবী উত্থাপন কৰিলে মুকুন্দ তামুলীয়ে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা