ক্ষমতাৰ পৰা আঁতৰোৱাৰ ১৪ দিন পিছত ৰাজহুৱা স্থানত প্ৰত্যক্ষ কে পি অলি
কাঠমাণ্ডু, ২৪ ছেপ্টেম্বৰ (হি.স.)। ক্ষমতাৰ পৰা আঁতৰ হোৱাৰ চৈধ্য দিনৰ পাছত মঙলবাৰে সমৰ্থক আৰু কৰ্মীৰ মাজত উপস্থিত হয় ক্ষমতাচ্যুত প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলি। ভক্তপুৰৰ ভাড়াঘৰত বাস কৰা অলিয়ে একাংশ সমৰ্থক আৰু কাৰ্যকৰ্তাৰ মাজত উপস্থিত হৈ সিংহ দৰবাৰত
अपदस्थ होने के बाद पहली बार के पी ओली


কাঠমাণ্ডু, ২৪ ছেপ্টেম্বৰ (হি.স.)। ক্ষমতাৰ পৰা আঁতৰ হোৱাৰ চৈধ্য দিনৰ পাছত মঙলবাৰে সমৰ্থক আৰু কৰ্মীৰ মাজত উপস্থিত হয় ক্ষমতাচ্যুত প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলি।

ভক্তপুৰৰ ভাড়াঘৰত বাস কৰা অলিয়ে একাংশ সমৰ্থক আৰু কাৰ্যকৰ্তাৰ মাজত উপস্থিত হৈ সিংহ দৰবাৰত অগ্নিসংযোগক অনুপ্ৰৱেশকাৰীৰ ষড়যন্ত্ৰ বুলি অভিহিত কৰে। তেওঁ কয় যে যিসকলে নিজৰ দেশ আৰু ইতিহাসক ভাল পায় তেওঁলোকে কেতিয়াও সিংহ দৰবাৰত জুই জ্বলাব নোৱাৰে।

কাঠমাণ্ডুৰ মেয়ৰ বেলেন শ্বাহক লক্ষ্য কৰি অলিয়ে কয় যে কিছুদিন পূৰ্বে কোনোবাই সিংহ দৰবাৰত জুই লগাবলৈ ভাবুকি দিছিল, যাৰ ফলত এই আক্ৰমণ সংঘটিত হৈছিল।

জেন জিৰ প্ৰতিবাদক কটাক্ষ কৰি অলিয়ে কয় যে নেপাল এখন কুখ্যাত দেশত পৰিণত হৈছে। বহু দেশে ভিছা প্ৰদান আৰু চাকৰিৰ ব্যৱস্থা বন্ধ কৰি দিছে। তেওঁ কয় যে আমি এই পৰিস্থিতিৰ পৰা দেশক বচাব লাগিব।

हिन्दुस्थान समाचार


 rajesh pande