হোবাৰ্ট, ২৪ ছেপ্টেম্বৰ (হি.স.)। অষ্ট্ৰেলিয়াৰ তাছমেনিয়া প্ৰদেশৰ ৰাজধানী হোবাৰ্টত নাবালকৰ সৈতে জড়িত যৌন অপৰাধৰ বাবে শাস্তি ভুগি থকা ৩২ বছৰীয়া ভাৰতীয় নাগৰিকক দেশৰ পৰা বিতাড়িত কৰা হ’ব। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি মঙলবাৰে হোবাৰ্ট মেজিষ্ট্ৰেট আদালতে তেওঁক বিতাড়নৰ কথা ঘোষণা কৰে।
ইয়াৰ পূৰ্বে এই লোকজনক অশ্লীল নিৰ্যাতন আৰু যৌন শোষণকে ধৰি ছটা অভিযোগত দোষী সাব্যস্ত কৰি দহ মাহৰ কাৰাদণ্ড বিহা হৈছিল। ছাত্ৰ ভিছাত তাছমেনিয়ালৈ আহি উবেৰ, টেক্সি, ট্ৰাক চালক হিচাপে কাম কৰিছিল। ২০২১ চনৰ এপ্ৰিল মাহত তেওঁ পলায়ন কৰা অষ্ট্ৰেলিয়ান ছোৱালী এজনীক হোবাৰ্টৰ এখন হোটেললৈ প্ৰলোভিত কৰি যৌন নিৰ্যাতন চলাইছিল। ২০২১ চনৰ মে’ মাহত তেওঁক গ্ৰেপ্তাৰ কৰি জেলত ভৰোৱা হৈছিল। শাস্তি সম্পূৰ্ণ কৰাৰ পিছত অষ্ট্ৰেলিয়াৰ ইমিগ্ৰেচন বিভাগে তেওঁৰ ভিছা বাতিল কৰিছিল। বিতাড়নৰ পৰা হাত সাৰিবলৈ তেওঁ আদালতৰ কাষ চাপিছিল। কিন্তু এই গোচৰত আদালতে তেওঁক দোষী সাব্যস্ত কৰি তেওঁৰ আবেদন খাৰিজ কৰি ভাৰতলৈ বিতাড়িত কৰাটো নিশ্চিত কৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ