ভাৰতীয় ৰাষ্ট্ৰদূতৰ নেপালৰ বিত্তমন্ত্ৰীক সাক্ষাৎ কৰি সামগ্ৰিক উন্নয়নৰ বাবে সমৰ্থনৰ আশ্বাস
কাঠমাণ্ডু, ২৪ ছেপ্টেম্বৰ (হি.স.)। নেপালৰ পুনৰ্গঠন আৰু অন্যান্য ক্ষেত্ৰত অৰ্থনৈতিক সহযোগিতাৰ বিষয়ে চৰ্চা কৰিবলৈ দেশখনৰ বিত্তমন্ত্ৰী ৰামেশ্বৰ খানাল আৰু নেপালত থকা ভাৰতৰ ৰাষ্ট্ৰদূত নবীন শ্ৰীবাস্তৱে এক বৈঠকত মিলিত হয়। ভাৰতৰ ৰাষ্ট্ৰদূতগৰাকীয়ে বিত্তমন্ত
नेपाल के वित्त मंत्री से मुलाकात करते भारतीय राजदूत


কাঠমাণ্ডু, ২৪ ছেপ্টেম্বৰ (হি.স.)। নেপালৰ পুনৰ্গঠন আৰু অন্যান্য ক্ষেত্ৰত অৰ্থনৈতিক সহযোগিতাৰ বিষয়ে চৰ্চা কৰিবলৈ দেশখনৰ বিত্তমন্ত্ৰী ৰামেশ্বৰ খানাল আৰু নেপালত থকা ভাৰতৰ ৰাষ্ট্ৰদূত নবীন শ্ৰীবাস্তৱে এক বৈঠকত মিলিত হয়।

ভাৰতৰ ৰাষ্ট্ৰদূতগৰাকীয়ে বিত্তমন্ত্ৰী খানালক অভিনন্দন জনোৱাৰ লগতে অনাগত দিনত ভাৰতৰ সমৰ্থন অব্যাহত ৰখাৰ আশ্বাস দিয়ে। বিত্তমন্ত্ৰীগৰাকীয়ে নেপালৰ পুনৰ্নিৰ্মাণৰ প্ৰচেষ্টাত ভাৰতৰ সহযোগিতাৰ আশা প্ৰকাশ কৰি নেপালৰ অন্যান্য ক্ষেত্ৰত চলি থকা সহযোগিতা অব্যাহত ৰাখিবলৈ অনুৰোধ জনায়।

ইয়াৰ প্ৰত্যুত্তৰত ভাৰতৰ ৰাষ্ট্ৰদূতগৰাকীয়ে দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীৰ মাজত টেলিফোনিক বাৰ্তালাপৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে নেপালৰ পুনৰ্গঠনত ভাৰতৰ সম্পূৰ্ণ সমৰ্থনৰ আশ্বাস দিয়াৰ কথা স্মৰণ কৰে। ৰাষ্ট্ৰদূত শ্ৰীবাস্তৱে উল্লেখ কৰে যে ভাৰতে সকলো পৰিস্থিতিত নেপালক সহায় কৰি যাব।

বৈঠকৰ সময়ত নেপালত ভাৰতীয় সাহায্যৰে হাতত লোৱা সকলো বৃহৎ প্ৰকল্পৰ অগ্ৰগতিও পৰ্যালোচনা কৰা হয়। বিত্তমন্ত্ৰী খানালে এই কথাও অৱগত কৰে যে যিবোৰ নতুন প্ৰকল্পৰ বাবে ভাৰতে সহযোগিতাৰ বাবে চুক্তি বা বুজাবুজিত উপনীত হৈছে, সেইবোৰৰ সন্দৰ্ভতো চৰ্চা কৰা হয়।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande