মৰিগাঁৱ, ২৪ ছেপ্টেম্বৰ (হি.স.)। মৰিগাঁৱৰ বৰছলা আৰক্ষীৰ সাফল্য । ৩৯টা চোৰাং গৰু সহ তিনিজন চোৰাং গৰু সৰবৰাহকাৰীক নিশা অভিযান চলাই আটক বৰছলা আৰক্ষীৰ ।
আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰুদ্ৰ বাহাদুৰ চেত্ৰীৰ নেতৃত্বত চলৈছিল উক্ত অভিযান। ৩৯ টা গৰু ভৰ্তি এখন ট্ৰাকৰ লগতে তিনি জন লোকক আটক বৰছলা আৰক্ষীৰ। ট্ৰাক খনৰ নম্বৰ এ এছ ০১ টি চি ৩৬০৮।
চোৰাং গৰু সহ ধৃত তিনি লোক ক্ৰমে চালক মজিবুৰ ৰহমান, আবুল হুছেইন,কৰম আলি বুলি জানিবলৈ পৰা গৈছে । চোৰাং গৰু কেইটা মৰিগাঁও জিলাৰ ব্ৰহ্মপুত্ৰ কাষৰীয়া অঞ্চলৰ পৰা চোৰাং ভাৱে লৈ অহাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।
উদ্ধাৰ হোৱা গৰু কেইটা সৰবৰাহ কৰি বহিঃৰাজ্যলৈ লৈ যোৱা সময়তে আৰক্ষীৰ দলটিয়ে জব্দ কৰে । বৰ্তমান গৰু কেইটা আৰক্ষীৰ জিম্মাত আছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা