নতুন দিল্লী, ২৪ ছেপ্টেম্বৰ (২৪)। উদ্ভাৱনক প্ৰসাৰিত কৰাৰ লগতে গৱেষণা আৰু উন্নয়নৰ ক্ষেত্ৰত যুৱ প্ৰতিভাক লালন-পালনৰ বাবে মুঠ ২,২৭৭.৩৯৭ কোটি টকা ব্যয়ৰে বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা বিভাগ/বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ (ডি এছ আই আৰ/চি এছ আই আৰ) আঁচনিত অনুমোদন জনাইছে কেন্দ্ৰীয় কেবিনেটে।
কেবিনেট বৈঠকৰ অন্তত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ কেন্দ্ৰত এখন সংবাদমেলত অৱগত কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ২০২১-২২ চনৰ ১৫ সংখ্যক বিত্ত আয়োগৰ চক্ৰৰ পৰা ২০২৫-২৬ চনলৈকে সামৰ্থ্য বিকাশ আৰু মানৱ সম্পদ উন্নয়ন শীৰ্ষক আঁচনিখনত অনুমোদন জনাইছে। এই আঁচনিখন চি এছ আই আৰৰ দ্বাৰা ৰূপায়ণ কৰা হৈছে।
বৈষ্ণৱে জনাইছে যে এই আঁচনিখনে সমগ্ৰ দেশৰ সকলো গৱেষণা আৰু উন্নয়ন প্ৰতিষ্ঠান, ৰাষ্ট্ৰীয় পৰীক্ষাগাৰ, ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান, বিশিষ্ট প্ৰতিষ্ঠান, বিশ্ববিদ্যালয় আদি সামৰি ল’ব। এই পদক্ষেপে বিশ্ববিদ্যালয়, উদ্যোগ, ৰাষ্ট্ৰীয় গৱেষণা আৰু উন্নয়ন পৰীক্ষাগাৰ, আৰু শৈক্ষিক প্ৰতিষ্ঠানত কেৰিয়াৰ বিচৰা যুৱ, উৎসাহী গৱেষকসকলৰ বাবে এক বহল মঞ্চ প্ৰদান কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে বিশিষ্ট বিজ্ঞানী আৰু অধ্যাপকসকলৰ নিৰ্দেশনাত এই আঁচনিখনে বিজ্ঞান, প্ৰযুক্তি আৰু অভিযান্ত্ৰিক, চিকিৎসা, আৰু গাণিতিক বিজ্ঞানৰ বিকাশত সহায় কৰিব।
हिन्दुस्थान समाचार / অৰৱিন্দ