কামৰূপ, ২৪ ছেপ্টেম্বৰ (হি.স.)। শাৰদীয় বতৰত চৌদিশে কেৱল শুভ্রতাৰ আস্বাদন। নীলা আকাশৰ থুপি থুপি শুকুলা ডাৱৰৰ আচলত ধৰি প্ৰকৃতিৰ আপোন বাটেৰে নামি আহিছে শৰৎ। শুভ্র আঁচল উৰুৱাই ফুলিছে নৈ পাৰৰ কঁহুৱা। নীলা আকাশৰ তলত মলয়াৰ ৰিব ৰিব বতাহত নীলা আকাশৰ তলত হালি জালি নাচিছে শুভ্র কঁহুৱাই। চঞ্চলা কঁহুৱাই হাত বাউলি মাতিছে শৰতক। নৈৰ পাৰৰ কঁহুৱাৰ লয়লাস নাচোনে আনিছে উৎসৱৰ বতৰা।
কঁহুৱাবোৰে যেন জনাই দিছে এয়া উৎসৱৰ বতৰ। উৎসৱ আগমনৰ বাৰ্তাত মন-প্রাণ হৰি নিয়াৰ সময় এয়া। শৰতৰ আগমনৰ লগে লগে দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ চৰাঞ্চলৰ ব্ৰহ্মপুত্ৰৰ প্রান্তে প্রান্তে ফুলিছে শুভ্র কঁহুৱা। বানৰ বিভীষিকাৰ পিছত যেন শৰত অহাৰ বাতৰি পাই শুকুলা দলিছা পাৰি দিছে প্ৰকৃতিয়ে। শৰতৰ আগমণৰ লগে লগে অতি মনোমোহা হৈ পৰিছে গৰৈমাৰীৰ চৰাঞ্চলৰ চৌদিশ।
প্ৰতিগৰাকী প্রকৃতি প্রেমীয়ে উপভোগ কৰিছে নদীৰ দুয়োপাৰে ফুলি থকা কঁহুৱাৰ নয়নাভিৰাম দৃশ্য। বতাহত হালিজালি নাচি থকা কঁহুৱা বনে মন্ত্রমুগ্ধ কৰিছে সকলোকে। কঁহুৱা ফুলৰ এই নয়নাভিৰাম দৃশ্যই যেন মানুহৰ মনলৈও কঢ়িয়াই আনিছে নতুন সম্ভাৱনা। এনেদৰেই এতিয়া শৰতৰ আগমনে কঁহুৱা ফুলৰ শুভ্রতাই সকলোৰে মন-প্রাণ পুলকিত কৰি তুলিছে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা