বাৰ্চিলোনা, ২৪ ছেপ্টেম্বৰ (হি.স.)। স্পেইনৰ আন্তঃৰাষ্ট্ৰীয় মিডফিল্ডাৰ গাভিৰ আঁঠুৰ অস্ত্ৰোপচাৰৰ পিছত ফেব্ৰুৱাৰী বা মাৰ্চ মাহলৈকে খেলপথাৰৰ পৰা আঁতৰি থকাৰ সম্ভাৱনা আছে। মঙলবাৰে সন্ধিয়া এফ চি বাৰ্চিলোনাৰ ৱেবছাইটত ঘোষণা কৰা হৈছে যে গাভিৰ সোঁ আঁঠুৰ আৰ্থ্ৰস্কপি কৰা হৈছিল, য’ত তেওঁৰ মেডিয়াল মেনিস্কাছ অস্ত্ৰোপচাৰৰ দ্বাৰা সংৰক্ষণ কৰা হৈছিল। ক্লাবে কয় যে তেওঁৰ সুস্থ হ’বলৈ প্ৰায় চাৰিৰ পৰা পাঁচ মাহ সময় লাগিব পাৰে।
অন্তিমখন আন্তঃৰাষ্ট্ৰীয় বিৰতিৰ পূৰ্বে অনুশীলনৰ সময়ত এই আঘাতৰ সন্মুখীন হৈছিল গাভি। প্ৰথমতে তেওঁক ৰক্ষণশীল চিকিৎসা দিয়া হৈছিল যদিও যেতিয়া তেওঁৰ আশা কৰা ধৰণে উন্নতি নহ'ল, তেতিয়া অস্ত্ৰোপচাৰৰ সিদ্ধান্ত লোৱা হ'ল।
মন কৰিবলগীয়া যে ২০২৩ চনৰ নৱেম্বৰ মাহত স্পেইনৰ হৈ খেলি থকাৰ সময়তে এই একেটা আঁঠুৰেই গুৰুতৰ লিগামেণ্ট আঘাত পাইছিল, যাৰ বাবে তেওঁ প্ৰায় এবছৰ ধৰি খেলপথাৰৰ পৰা আঁতৰি আছিল।
ইফালে, বাৰ্চিলোনাৰ আন এজন খেলুৱৈ ফাৰ্মিন লোপেজে গ্ৰ’ইনৰ আঘাতৰ বাবে তিনি সপ্তাহৰ বাবে খেলপথাৰৰ পৰা আঁতৰি থাকিব, আনহাতে লেমিন ইয়ামালেও যোৱা সপ্তাহত পেলভিক সমস্যাৰ বাবে সময় হেৰুৱাইছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া