বৰপেটা, ২৪ ছেপ্টেম্বৰ (হি.স.)। বৰপেটাৰ সৰভোগত নিৰ্মাণ কৰা হ’ব জুবিন গাৰ্গৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি । অহা এমাহৰ ভিতৰতে সৰভোগত প্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিটো স্থাপনৰ বাবে লক্ষ্য লোৱা হৈছে। সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে সৰভোগত আজি এই কথা সদৰি কৰে।
বিধায়ক মনোৰঞ্জন তালুকদাৰে জনোৱা মতে, সৰভোগবাসী ৰাইজৰ সহায় সহযোগত প্ৰিয় শিল্পী জুবিন গাৰ্গক জীয়াই ৰখাৰ বাবে তেওঁ এই উদ্যোগ গ্ৰহণ কৰিছে । ইতিমধ্যে ভাস্কৰ্য শিল্পীৰ সৈতে যোগাযোগ কৰা হৈছে আৰু এমাহৰ ভিতৰতে প্ৰতিমুৰ্তিটো স্থাপন কৰিব পৰা যাব বুলি আশা কৰা হৈছে।
ইপিনে যিসকলৰ অবিবেচকতাৰ বাবে জুবিন গাৰ্গ আমাৰ পৰা হেৰাই গ'ল সেই সকলৰ বিৰুদ্ধে ব্যবস্থা ল’বলৈ দাবী জনাইছে সৰভোগৰ বিধায়ক গৰাকীয়ে ।
এইক্ষেত্ৰত উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত তদন্ত কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনায় বিধায়ক মনোৰঞ্জন তালুকদাৰে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা