মাজুলী, ২৪ ছেপ্তেম্বৰ (হি.স.): মাজুলীত যোৱাকালি মঙলবাৰে নিশা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত । মাজুলীৰ বালিচাপৰিত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।
অগ্নিকাণ্ডত ১০ খনকৈ দোকান ভস্মীভূত হৈছে । লগতে লক্ষাধিক টকাৰ সম্পত্তি জাহ গ’ল অগ্নিকাণ্ডত । জানিব পৰামতে,
সৰ্বেশ্বৰ হাজৰিকা, কেশৱ বৰা, বাপুৰাম দাস, বীৰেণ ভূঞা নামৰ লোককেইজন দোকান জ্বলি ভস্মীভূত হয়।
দুখনকৈ অগ্নিনিৰ্বাপক বাহনে অগ্নিনিবাপন কৰিবলৈ সমৰ্থ হয় । অৱশ্য়ে অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ