জুৰীয়াৰ কালিয়াডিংগাত ভয়ংকৰ অগ্নিকাণ্ড ঘটনা
জুৰীয়াৰ কালিয়াডিংগাত ভয়ংকৰ অগ্নিকাণ্ড ঘটনা।
জুৰীয়াৰ কালিয়াডিংগাত ভয়ংকৰ অগ্নিকাণ্ড ঘটনা


নগাঁও, ২৪ ছেপ্টেম্বৰ (হি.স.): নগাঁও জিলাৰ জুৰীয়াৰ কালিয়াডিংগাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে । আবুবক্কৰ ছিদ্দিকৰ বাসগৃহত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। গেছ ছিলিণ্ডাৰৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে ।

অগ্নিকাণ্ডৰ ফলত এটা ৰান্ধনীশালা ঘৰ আৰু এটা গোহালি ঘৰ জ্বলি ভষ্মিভুত। প্ৰায় দুই লক্ষ টকাৰ সা সামগ্ৰী জুইত ভস্মীভূত হয়। ৰাইজৰ সহযোগত ওচৰে পাজৰে থকা কেইবাটাও ঘৰ ৰক্ষা পৰে । ইফালে এক ঘণ্টা পলমকৈ উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী। পৰিয়ালৰ লোকৰ গাফিলতিৰ বাবেই এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰে স্থানীয় ৰাইজে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande