শ্ৰীভূমি, ২৪ ছেপ্টেম্বৰ (হি.স.)। অসমৰ হিয়াৰ আমঠু গণশিল্পী জুবিন গাৰ্গৰ বিৰুদ্ধে বিৰূপ মন্তব্য় কৰা সাংবাদিক উৎপল বৰাৰ বিপদ বাঢ়িছে। এইবাৰ বৰাক উপত্যকাত উৎপল বৰাৰ বিৰুদ্ধে এজাৰৰ দাখিল কৰা হৈছে ।
প্ৰাগ নিউজৰ পৰা অব্যাহতি দিয়া যোৰহাটৰ সাংবাদিক উৎপল বৰাৰ বিৰুদ্ধে শ্ৰীভূমি জিলাৰ বদৰপুৰ থানাত এজাহাৰ দাখিল কৰে শ্ৰীভূমি জিলাৰ বদৰপুৰৰ জুবিন অনুৰাগীয় সকলে । কিছুদিন পূৰ্বে এইগৰাকী সাংবাদিকে প্ৰয়াত জুবিন গাৰ্গ লৈ বিতৰ্কিত মন্তব্য কৰিছিল। তাৰ পৰিপ্ৰেক্ষিতত উৎপল বৰাৰ বিৰুদ্ধে জাঙ্গুৰ খাই উঠিছে গোটেই অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ অনুৰাগী সকলে। এইক্ষেত্ৰত তেওঁক আইনৰ জৰিয়তে কঠোৰ শাস্তি দিয়াৰ দাবী জনাইছে ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা