গৌৰীপুৰ আৰক্ষীৰ নকল সোণসহ দুজন ব্যৱসায়ীক আটক
গৌৰীপুৰ আৰক্ষীয়ে নকল সোণসহ দুজন ব্যৱসায়ীক আটক।
গৌৰীপুৰ আৰক্ষীৰ নকল সোণসহ দুজন ব্যৱসায়ীক আটক


ধুবুৰী, ২৪ ছেপ্টেম্বৰ (হি.স.): ৰাজ্যত পুনৰ চলিব ধৰিছে নকল সোণৰ ৰমৰমীয়া বেহা। গৌৰীপুৰ আৰক্ষীয়ে নকল সোণসহ দুজন ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয়।

এক গোপন সুত্ৰৰ পম খেদি কালি সন্ধিয়া মালাতি খামাৰ অঞ্চলৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দুটা চাবোন টুকুৰা সদৃশ নকল সোণসহ আৰক্ষীয়ে আটক কৰে দুজন নকল সোণ ব্যৱসায়ীক। আৰক্ষীয়ে জব্দ কৰা নকল সোণৰ ওজন প্ৰায় ৭৫০গ্ৰাম।। নকল সোণ ব্যৱসায়ী যুৱক দুজন হৈছে ডাংগীৰ চৰ গাৱৰ কাছেম আলী আৰু মাজেৰচৰ গাঁৱৰ ছিদ্দিক খান। কোনো লোকৰ ওচৰত নকল সোণ বিক্ৰী কৰিবলৈ যুৱক দুজনে এএছ ১৭ আৰ ৬১৩৭ নম্বৰত বাইকেৰে গৈ গোলকগঞ্জ অভিমুখে গৈ থকা অৱস্থাত আৰক্ষীয়ে আটক কৰে যুৱক দুজনক।

উল্লেখ্য যে, এই ঘটনাৰ লগত টিয়ামাৰী গাঁৱৰ এগৰাকী মহিলা জড়িত থকা বুলি ধৃত যুৱক কাছেম আলীয়ে স্বীকাৰোক্তি দিয়ে। আৰক্ষীয়ে যুৱক দুজনক থানাত নি জেৰা অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande