চতিয়াত দুৰ্গাপূজাৰ কমিটিয়ে হাৰ্টথ্ৰৱ জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনায় পূজাৰ সাংস্কৃতিক অনুষ্ঠান বাতিলৰ সিদ্ধান্ত
বিশ্বনাথ, ২৪ ছেপ্টেম্বৰ (হি.স.)। ইতিমধ্যে এক দুৰ্ভাগ্যজনক ঘটনাই সমগ্ৰ দেশবাসীক ম্ৰিয়মাণ কৰি তুলিছে ৷ প্ৰিয় শিল্পীগৰাকীক হেৰুৱাই সকলো এই মুহূৰ্তত ভাগি পৰিছে। সাময়িক পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি পুৱ চতিয়াৰ বৰভেটি সাৰ্বজনীন দুৰ্গাপূজাৰ কমিটিয়ে বিশেষভাৱে
চতিয়াত দুৰ্গাপূজাৰ কমিটিয়ে হাৰ্টথ্ৰৱ জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনায় পূজাৰ সাংস্কৃতিক অনুষ্ঠান বাতিলৰ সিদ্ধান্ত


বিশ্বনাথ, ২৪ ছেপ্টেম্বৰ (হি.স.)। ইতিমধ্যে এক দুৰ্ভাগ্যজনক ঘটনাই সমগ্ৰ দেশবাসীক ম্ৰিয়মাণ কৰি তুলিছে ৷ প্ৰিয় শিল্পীগৰাকীক হেৰুৱাই সকলো এই মুহূৰ্তত ভাগি পৰিছে। সাময়িক পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি পুৱ চতিয়াৰ বৰভেটি সাৰ্বজনীন দুৰ্গাপূজাৰ কমিটিয়ে বিশেষভাৱে হাৰ্টথ্ৰৱ জুবিন গাৰ্গলৈ শ্ৰদ্ধা নিবেদন কৰি দুৰ্গোৎসৱৰ সপ্তমী তিথিৰ পৰা নৱমী তিথিলৈ অনুষ্ঠিত হ’বলগীয়া সকলো সাংস্কৃতিক অনুষ্ঠান বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

এই বৰ্ষত ২নং বৰভেটি সাৰ্বজনীন দুৰ্গাপূজাৰ কমিটিয়ে মাত্ৰ অনুষ্টুপীয়াকৈ সম্পন্ন কৰিব পূজাভাগ । পূজা সমিতিৰ এক সভাৰ সৰ্বসন্মতভাৱে বৰভেটি সাৰ্বজনীন ৫৪ সংখ্যক দুৰ্গাপূজা ভাগ মাত্ৰ অনুষ্টুপীয়াকৈ সম্পন্ন কৰাৰ লগতে তিনিদিনীয়া সকলো সাংস্কৃতিক অনুষ্ঠান বাতিল কৰে ৷

২নং বৰভেটি গাৱঁৰ দুৰ্গা পুজাভাগ অনুষ্টুপীয়াকৈ পালন কৰা আৰু পুজা মণ্ডপতে সকলোৰে হিয়াৰ আমঠু শিল্পী গৰাকীৰ শ্ৰদ্ধাঞ্জলী জনাবলৈ স্মৃতি তৰ্পনৰ ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande