তিনিচুকীয়া, ২৪ ছেপ্টেম্বৰ (হি.স.)। তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী থানাৰ অৰ্ন্তগত টিৰাপ নৈ টিৰাপ দলংৰ সমিপত আজি এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ হয়।
পানীত উতি অহা মহিলা গৰাকীৰ বয়স প্ৰায় ৫০ বছৰ উদ্ধৰ বুলি অনুমান কৰা হৈছে। পানীত উতি অহা অৱস্থাত নৈৰ কাষত কাম কৰি থকা লোকে প্ৰত্যক্ষ কৰে। লেখাপানী আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু