ধুবুৰী, ২৪ ছেপ্টেম্বৰ (হি.স.)। ধুবুৰীৰ গৌৰীপুৰত নকল সোন সহ দুজনক আটক। গৌৰীপুৰ আৰক্ষীয়ে আটক কৰে নকল সোণসহ দুজন লোকক ।
এক গোপন সুত্ৰৰ পম খেদি যোৱা নিশা মালাতি খামাৰ অঞ্চলৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দুটা চাবোনৰ টুকুৰা সদৃশ নকল সোণ সহ আটক কৰে লোক দুজন ।
ধৃত লোক দুজন ডাংগীৰ চৰ গাৱৰ কাছেম আলী আৰু মাজেৰচৰ গাৱৰ ছিদ্দিক খান। আৰক্ষীয়ে জব্দ কৰা নকল সোণৰ ওজন প্ৰায় ৭৫০গ্ৰাম। কোনো লোকৰ ওচৰত নকল সোণ বিক্ৰী কৰিবলৈ লোক দুজনে এ এছ ১৭ আৰ ৬১৩৭ নম্বৰত বাইকেৰে গৈ গোলকগঞ্জ অভিমুখে গৈ থকা অৱস্থাত আৰক্ষীয়ে আটক কৰে যুৱক দুজনক।।
উল্লেখ্য যে,এই ঘটনাৰ লগত টিয়ামাৰী গাৱৰ এগৰাকী মহিলা জড়িত থকা বুলি ধৃত কাছেম আলীয়ে স্বীকাৰোক্তি দিয়া বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে লোক দুজনক থানাত নি শোধ পোছ কৰি থকা বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা