ধুবুৰী, ২৪ ছেপ্টেম্বৰ (হি.স.)। গোপন খবৰৰ ভিত্তিত গোলকগঞ্জ আৰক্ষীয়ে অভিযান চলাই চাৰিচকীয়া বাহন সহ ৭ টাকৈ চোৰাং গৰু জব্দ কৰিছে। প্ৰাপ্ত তথ্য়মতে, চুবুৰীয়া ৰাজ্য পশ্চিমবঙ্গৰ পৰা চোৰাং গৰু কঢ়িয়াই অনাৰ এটা খবৰৰ ভিত্তিত গোলকগঞ্জ থানাৰ আৰক্ষীৰ এটি দলে যোৱা নিশা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এএছ ০১ এএক্স ৩৮৭৯ নম্বৰৰ এখন চাৰি চকীয়া বাহন এখন ৰখাবলৈ নিৰ্দেশ দিয়ে।
ইফালে চালকে নিৰ্দেশ অমান্য কৰি তীব্ৰ গতিত পেষ্টাৰঘাটৰ পিনে পলায়ন কৰে। গোলকগঞ্জ আৰক্ষীৰ দলটোৱে পিছে পিছে খেদি যোৱাত চালকে গাড়ীখন ৰখাই আন্ধাৰৰ সুজোগ গ্ৰহণ কৰি পলায়ন কৰে। আৰক্ষীয়ে বাহন খনত তালচী চলোৱাত বাহন খনৰ ভিতৰৰ পৰা ৭ টাকৈ চোৰাং গৰু উদ্ধাৰ হয় । পিছত গোলকগঞ্জ আৰক্ষীয়ে বাহন সহ গৰু কেইটা জব্দ কৰি থানালৈ নিয়ে ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা