(কেবিনেট) মেডিকেল কলেজত ৫,০২৩ এম বি বি এছ আৰু ৫,০০০ পি জি আসন সম্প্ৰসাৰণৰ অনুমোদন
নতুন দিল্লী, ২৪ ছেপ্টেম্বৰ (হি.স.)। সমগ্ৰ দেশৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়সমূহত ৫,০২৩খন এমবিবিএছ আৰু ৫,০০০ পিজি আসন সম্প্ৰসাৰণৰ বাবে কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে। এই সম্প্ৰসাৰণৰ আনুমানিক ব্যয় প্ৰতিখন আসনৰ বাবে ১.৫ কোটি ₹। প্ৰধানমন্ত্ৰী নৰেন্দ্
केंद्रीय कैबिनेट (फाइल फोटो)


নতুন দিল্লী, ২৪ ছেপ্টেম্বৰ (হি.স.)। সমগ্ৰ দেশৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়সমূহত ৫,০২৩খন এমবিবিএছ আৰু ৫,০০০ পিজি আসন সম্প্ৰসাৰণৰ বাবে কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে। এই সম্প্ৰসাৰণৰ আনুমানিক ব্যয় প্ৰতিখন আসনৰ বাবে ১.৫ কোটি ₹। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত এই সন্দৰ্ভত এই প্ৰস্তাৱত অনুমোদন জনোৱা হয়।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যম কেন্দ্ৰত অনুষ্ঠিত এক সংবাদমেলত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কেবিনেটৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে। তেওঁ উল্লেখ কৰে যে এই পদক্ষেপ কেন্দ্ৰীয় পৃষ্ঠপোষকতা আঁচনি (চি এছ এছ)ৰ তৃতীয় পৰ্যায়ৰ অধীনত গ্ৰহণ কৰা হৈছে। ২০২৫-২৬ চনৰ পৰা ২০২৮-২৯ চনলৈকে এই আঁচনিখনৰ মুঠ আৰ্থিক প্ৰভাৱ ১৫,০৩৪.৫০ কোটি টকা, কেন্দ্ৰীয় অংশীদাৰিত্ব ১০,৩০৩.২০ কোটি আৰু ৰাজ্যসমূহৰ অংশীদাৰিত্ব ৪,৭৩১.৩০ কোটি টকা।

বৰ্তমান দেশৰ ৮০৮খন চিকিৎসা মহাবিদ্যালয়ত মুঠ ১ লাখ ২৩ হাজাৰ ৭০০ খন এমবিবিএছ আসন আছে। বিগত দশকত ৬৯,৩৫২খন নতুন এমবিবিএছ আৰু ৪৩,০৪১খন পিজি আসন সংযোজন কৰা হৈছে। প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনাৰ অধীনত ২২টা নতুন অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সে (পিএমএমএছৱাই) অত্যাধুনিক পাঠদানৰ সুবিধাৰ জৰিয়তে উচ্চমানৰ তৃতীয় পৰ্যায়ৰ স্বাস্থ্যসেৱা প্ৰদান কৰাৰ লগতে দক্ষ স্বাস্থ্যসেৱা পেছাদাৰীক বিকাশ কৰি আছে।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই পদক্ষেপে দেশত স্বাস্থ্যসেৱাৰ ব্যাপক আৰু মানসম্পন্ন সুবিধা নিশ্চিত কৰাৰ বাবে চৰকাৰৰ দায়বদ্ধতাক আৰু অধিক শক্তিশালী কৰে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande