- বিহাৰৰ বাবে ₹৬,০০০ কোটি মূল্যৰ প্ৰকল্প অনুমোদন
নতুন দিল্লী, ২৪ ছেপ্টেম্বৰ (হি.স.)। কেন্দ্ৰীয় কেবিনেটে বুধবাৰে ১০.৯০ লাখ ৰে’ল কৰ্মচাৰীৰ বাবে উতপাদন ভিত্তিক বানছ (প্ৰডাক্টিভিটি লিংকড বোনাছ) চমুকৈ পিএলবিত অনুমোদন জনায়। এই বোনাছ দেৱালীৰ পূৰ্বে কৰ্মচাৰীৰ একাউণ্টত জমা হ’ব। ইয়াৰ বাবে ১,৮৬৫.৬৮ কোটি টকাৰ ধন পৰিশোধৰ অনুমোদন দিয়া হৈছে। ইয়াৰ উপৰি বিহাৰৰ বখতিয়াৰপুৰ-ৰাজগিৰ আৰু ঝাৰখণ্ডৰ তিলয়াৰ মাজত ১০৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰে’লপথ দ্বৈতকৰণৰ প্ৰকল্পতো কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনায়।
কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বুধবাৰে কেবিনেটৰ এই সিদ্ধান্ত ঘোষণা কৰাৰ সময়তে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি ১০,৯১,১৪৬ জন ৰে’ল কৰ্মচাৰীক ৭৮ দিনৰ প্ৰডাক্টিভিটি লিংকড বোনাছ (পিএলবি) হিচাপে ১,৮৬৫.৬৮ কোটি টকা প্ৰদানৰ অনুমোদন জনাইছে। ৰে’ল কৰ্মচাৰীৰ উৎকৃষ্ট প্ৰদৰ্শনৰ স্বীকৃতি স্বৰূপে এই অনুমোদন দিয়া হৈছিল। তেওঁ জনোৱা মতে, বিহাৰৰ বখতিয়াৰপুৰ-ৰাজগিৰ আৰু ঝাৰখণ্ডৰ তিলাইয়াৰ মাজত ১০৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰে’লপথ দ্বৈতকৰণ প্ৰকল্পতো কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে। এই প্ৰকল্পৰ বাবে প্ৰায় ২,১৯২ কোটি টকা খৰচ হ’ব। কেন্দ্ৰীয় কেবিনেটে বিহাৰৰ বাবে প্ৰায় ₹৬,০০০ কোটি মূল্যৰ প্ৰকল্পত অনুমোদন জনাইছে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এই বোনাছ ৰে’ল কৰ্মচাৰীৰ ৭৮ দিনৰ দৰমহাৰ সমতুল্য। প্ৰতি বছৰে যোগ্য ৰে’ল কৰ্মচাৰীক দুৰ্গা পূজা আৰু দশহৰা বন্ধৰ পূৰ্বে পি এল বি দৰমহা দিয়া হয়। তেওঁ উল্লেখ কৰে যে এই বছৰ প্ৰায় ১০,৯১,০০০ নন-গেজেটেড ৰেলৱে কৰ্মচাৰীক পিএলবি প্ৰদান কৰা হৈছে, যিটো ৭৮ দিনৰ দৰমহাৰ সমতুল্য। যোৱা বছৰ চৰকাৰে ৰে’লৱে কৰ্মচাৰীৰ বাবে ২,০২৯ কোটি টকাৰ বোনাছ অনুমোদন জনাইছিল, যাৰ ফলত ১১,৭২,২৪০ জন কৰ্মচাৰী উপকৃত হৈছিল।
তেওঁ কয় যে ৰে’লৱেৰ সামগ্ৰিক কাম-কাজ উন্নত কৰাৰ বাবে ৰে’ল কৰ্মচাৰীসকলক প্ৰেৰণা যোগাবলৈ প্ৰৰোচনা হিচাপে পিএলবিক দৰমহা দিয়া হয়।
প্ৰতিজন যোগ্য ৰেলৱে কৰ্মচাৰীৰ বাবে প্ৰদান কৰিবলগীয়া সৰ্বোচ্চ পিএলবি ধনৰাশি ১৭,৯৫১ ₹, যিটো ৭৮ দিনৰ দৰমহাৰ সমতুল্য। এই ধনৰাশি ৰেলৱেৰ বিভিন্ন শ্ৰেণীৰ কৰ্মচাৰী, যেনে ট্ৰেক মেইণ্টাৰ, লোকো পাইলট, ট্ৰেইন মেনেজাৰ (গাৰ্ড), ষ্টেচন মাষ্টাৰ, ছুপাৰভাইজাৰ, টেকনিচিয়ান, টেকনিচিয়ান হেল্পাৰ, পইণ্টমেন, মন্ত্ৰী কৰ্মচাৰী, আৰু অন্যান্য গ্ৰুপ চি কৰ্মচাৰীক দিয়া হ’ব।
এক বিবৃতিত ৰে’ল মন্ত্ৰালয়ে কয় যে ২০২৪-২৫ বিত্তীয় বৰ্ষত ৰে’লৱে ব্যতিক্ৰমীভাৱে ভাল প্ৰদৰ্শন আগবঢ়াইছে। ৰেলৱেই অভিলেখ সংখ্যক ১৬১৪.৯০ মিলিয়ন টন মাল পৰিবহণ কৰিছিল আৰু প্ৰায় ৭.৩ বিলিয়ন যাত্ৰীক গন্তব্য স্থানত উপনীত কৰাইছিল।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী