যোৰহাট, ২৪ ছেপ্টেম্বৰ (হি.স.): যোৰহাটত যোৱাকালি মঙলবাৰে সন্ধিয়া উপস্থিত হয় অপৰাধ অনুসন্ধান বিভাগ (চিআইডি)ৰ দল। জুবিন গাৰ্গৰ সন্দেহজনক মৃত্যু সন্দৰ্ভত যোৰহাটত দাখিল কৰা এজাহাৰ কাৰীক সোধা পোচা কৰে ।
যোৰহাটত বৰ্তমানলৈকে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিচাৰি বিভিন্ন থানাত পাঁচ খনকৈ দাখিল কৰিছিল এজাহাৰ। চিআইডিৰ দুজনীয়া দলটোৱে ভোগদৈ আৰক্ষী চকীত এজাহাৰ কাৰীক সোধা পোচা কৰাৰ অন্তত বৰ্তমান সদৰ থানাত উপস্থিত হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ