ধুবুৰী, ২৪ ছেপ্টেম্বৰ (হি.স.): চোৰাং গৰুৰ বিৰুদ্ধে গোলোকগঞ্জ আৰক্ষীৰ অভিযান অব্য়াহত আছে । গোপন সুত্ৰে অভিযান চলাই জব্দ কৰিলে ৭ টাকৈ চোৰাং গৰু।
জানিব পৰা মতে গোলকগঞ্জ থানাৰ আৰক্ষীৰ এটি দলে কালি মাজ নিশা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলায় । অভিযানত এএছ ০১ এএক্স ৩৮৭৯ নম্বৰৰ চাৰি চকীয়া বাহন এখন ৰখাবলৈ নিৰ্দেশ দিয়ে। কিন্তু চালকে নিৰ্দেশ অমান্য কৰি তীব্ৰ গতিত পেষ্টাৰঘাটৰ পিনে পলায়ন কৰে। গোলকগঞ্জ আৰক্ষীৰ দলটোৱে পিছে পিছে খেদি যোৱাত চালকে গাড়ীখন ৰখাই আন্ধাৰৰ সুজোগ গ্ৰহণ কৰি পলায়ন কৰে। পিছত বাহন খনৰ পৰা গোলকগঞ্জ আৰক্ষীয়ে ৭ টাকৈ চোৰাং গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ