নগাঁও, ২৪ ছেপ্টেম্বৰ (হি.স.): নগাঁও জিলাৰ চামগুৰিত জব্দ কৰা হৈছে গৰু ভৰ্ত্তি ট্ৰাক। নিশা ৩৪ টা গৰু ভৰ্ত্তি বাহন জব্দ কৰে চামগুৰি আৰক্ষীয়ে ।
জানিব পৰামতে, এনএল ০১ জি ৬৮০৬ পঞ্জীয়ন নম্বৰৰ ট্ৰাক খনত আছিল ৩৪ টা গৰু। আৰক্ষীয়ে ট্ৰাক খন নামনি দিশে যোৱা সময়তে ৰাষ্ট্ৰীয় ঘাইপথত বহু দূৰ খেদি যোৱাত ট্ৰাক এৰি পলায়ন চালক আৰু সহযোগী।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ