কাৰ্বি আংলং, ২৪ ছেপ্টেম্বৰ (হি.স.)। কাৰ্বি আংলং জিলাৰ বোকাজানত ধন দাবীৰ অভিযোগত আটক হৈছে জাতীয় সংগঠনৰ নেতা কৰ্মী। অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানৰ দুখন হোটেলত ধন দাবীৰ অভিযোগ উঠিছে। দুখন ভাতৰ হোটেলত প্ৰথম অৱস্থাত ১০ হাজাৰ টকাকৈ আৰু প্ৰতিমাহে ৩ হাজাৰ টকাকৈ দাবী কৰাৰ অভিযোগ উত্থাপিত হৈছে।
হোটেলখনত অবৈধভাবে সুৰা বিক্ৰীৰ অভিযোগ তুলি সোমবাৰে বীৰ লাচিত সেনাৰ কেইজনমান কৰ্মীয়ে উক্ত হোটেল দুখন বন্ধ থকাৰ পিছতো কিয় দোকান খোলা আছে বুলি প্ৰশ্ন তুলি দোকানখনত বলপূৰ্বক প্ৰবেশ কৰি আচবাব লণ্ড ভণ্ড কৰি ধন দাবীৰ অভিযোগ উঠিছে। আনহাতে মঙ্গলবাৰে দাবী কৰা ধন নিবলৈ আহোতে মালিকপক্ষই হোটেলৰ ভিতৰত বীৰ লাচিত সেনাৰ কৰ্মী কেইজনক আবদ্ধ কৰি ৰাখে।
হোটেলখনৰ মালিক পক্ষৰ গোচৰৰ ভিত্তিত অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ হোৱা কেইজন ক্ৰমে বীৰ লাচিত সেনাৰ বোকাজান আঞ্চলিকৰ উপসভাপতি দিলীপ গগৈ, সম্পাদক কিৰণ বৰা, খটখটি-লাহৰিজান শাখাৰ সভাপতি অজয় চন্দ্ৰ দাস বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত খটখটি আৰক্ষীৰ তদন্ত অব্যাহত আছে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা