গোলাঘাট, ২৪ ছেপ্টেম্বৰ (হি.স.)। জনতাৰ শিল্পী, হিয়াৰ আমঠু, হাৰ্টথ্ৰ'ব জুবিন গাৰ্গক মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান 'ভাৰত ৰত্ন' প্ৰদান কৰিব লাগে ৷ এই দাবী অসম ৰাজ্যিক সাংবাদিক সন্থাৰ ৷ এই দাবীৰে বুধবাৰে বোকাখাত সমজিলা প্ৰশাসনৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা আৰু সাধাৰণ সম্পাদক প্ৰদীপ চন্দ্ৰ ডেকাৰ স্বাক্ষৰিত স্মাৰক পত্ৰত জুবিনৰ অন্তিম যাত্ৰাত জনতাৰ সমাগমে ইতিমধ্যে বিশ্বৰ চতুৰ্থ স্থান লাভ কৰিছে ৷
আৰু এগৰাকী শিল্পী হিচাবে বিশ্বৰ দ্বিতীয় স্থানত আছে হিয়াৰ আমঠু, জনতাৰ শিল্পী জুবিন গাৰ্গ ৷ এই ক্ষেত্ৰত দেশৰ ভিতৰত মহান শিল্পীগৰাকী প্ৰথম স্থানত আছে ৷ তাৰোপৰি ৪০ টা ভাষাত ৩৮ হাজাৰতকৈও অধিক গীত পৰিৱেশন কৰি দেশৰ ১০ গৰাকী শিল্পীৰ ভিতৰত প্ৰথম স্থানত আছে জনতাৰ শিল্পী জুবিন গাৰ্গ ৷ এনে এগৰাকী শিল্পীক মৰণোত্তৰভাৱে ভাৰত ৰত্ন প্ৰদান কৰিব লাগে বুলি সংগঠনটোৱে স্মাৰক পত্ৰত উল্লেখ কৰিছে ৷ তাৰোপৰি জুবিন গাৰ্গৰ আকস্মিক বিয়োগক লৈ সকলো সন্ধিয়ান হৈ আছে ৷ এই ক্ষেত্ৰত যিসকল দোষী ব্যক্তি সেইসকলক কৰায়ত্ব কৰি উপযুক্ত শাস্তি প্ৰদান কৰিব লাগে বুলি স্মাৰক পত্ৰত উল্লেখ আছে ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা