নতুন দিল্লী, ২৪ ছেপ্টেম্বৰ (হি.স.)। ষ্টীল প্ৰডাক্ট নিৰ্মাতা বিএমডব্লিউ ভেঞ্চাৰছৰ আই পি অ’ আজি চাবস্ক্ৰিপচনৰ বাবে মুকলি কৰা হয় । এই আই পি অ’ত ১০ টকাৰ মূল্যত ২,৩৪,০০,০০০ টা নতুন শ্বেয়াৰ জাৰি কৰা হ’ব । ইয়াৰ বাবে ২৬ ছেপ্টেম্বৰলৈকে নিবিদা দিব পাৰিব। আই পি অ’ত নিবিদাৰ বাবে মূল্যৰ বেণ্ড প্ৰতি শ্বেয়াৰত ৯৪ৰ পৰা ৯৯₹, লটৰ আকাৰ ১৫১টা শ্বেয়াৰ।
আই পি অ’ৰ মাত্ৰ ১%হে যোগ্য প্ৰতিষ্ঠানিক ক্ৰেতা (কিউ আই বি)ৰ বাবে সংৰক্ষিত। ৭৫% খুচুৰা বিনিয়োগকাৰীৰ বাবে আৰু ২৪% অপ্ৰতিষ্ঠানিক বিনিয়োগকাৰী (এন আই আই)ৰ বাবে সংৰক্ষিত। এই বিষয়টোৰ বাবে বুক ৰানিং লিড মেনেজাৰ হিচাপে নিযুক্তি দিয়া হৈছে সাৰথি কেপিটেল এডভাইজাৰ্ছ প্ৰাইভেট লিমিটেডক, আৰু কেমিঅ’ কৰ্পৰেট চাৰ্ভিচেছ লিমিটেডক পঞ্জীয়ক হিচাপে নিযুক্তি দিয়া হৈছে। ইছ্যু বন্ধ হোৱাৰ পিছত ২৯ ছেপ্টেম্বৰত শ্বেয়াৰ আবণ্টন দিয়া হ’ব। ১ অক্টোবৰত কোম্পানীটোৰ শ্বেয়াৰ বিএছই আৰু এনএছইত তালিকাভুক্ত হ’ব।
কোম্পানীটোৰ বিত্তীয় অৱস্থাৰ সন্দৰ্ভত, প্ৰস্পেক্টচত দাবী কৰা অনুসৰি, ইয়াৰ বিত্তীয় স্বাস্থ্যৰ উঠা-নমা হৈছে। ২০২২-২৩ বিত্তীয় বৰ্ষত কোম্পানীটোৰ নিকা লাভৰ পৰিমাণ আছিল ৩২.৬৬ কোটি টকা, যিটো পৰৱৰ্তী বিত্তীয় বৰ্ষত ২০২৩-২৪ চনত ২৯.৯৪ কোটি টকালৈ হ্ৰাস পাইছিল আৰু ২০২৪-২৫ চনত ৩২.৮২ কোটি টকালৈ বৃদ্ধি পাইছিল। এই সময়ছোৱাত কোম্পানীটোৰ ৰাজহৰো উঠা-নমা হয়। ২০২২-২৩ বিত্তীয় বৰ্ষত মুঠ ২০১৮.১২ কোটি টকাৰ ৰাজহ লাভ কৰিছিল, যিটো ২০২৩-২৪ বিত্তীয় বৰ্ষত ১,৯৪২.০৩ কোটি টকালৈ হ্ৰাস পাইছিল যদিও ২০২৪-২৫ বিত্তীয় বৰ্ষত কোম্পানীটোৰ ৰাজহ লাভৰ পৰিমাণ জপিয়াই ২০৬৭.৩৩ কোটি টকা হৈছে।
এই সময়ছোৱাত কোম্পানীটোৰ ঋণ ক্ৰমাগতভাৱে বৃদ্ধি পাইছিল। ২০২২-২৩ বিত্তীয় বৰ্ষৰ শেষত কোম্পানীটোৰ ঋণৰ বোজা আছিল ২৮৩.৫৮ কোটি টকা, যিটো ২০২৩-২৪ বিত্তীয় বৰ্ষত ৩৯৫.৩০ কোটি টকালৈ বৃদ্ধি পাইছিল আৰু ২০২৪-২৫ বিত্তীয় বৰ্ষত আৰু অধিক জঁপিয়াই ৪২৮.৩৯ কোটি টকালৈ বৃদ্ধি পাইছিল। ২০২৩-২৪ বিত্তীয় বৰ্ষত ৭২.৫৬ কোটি টকাৰ তুলনাত ২০২৪-২৫ চনত কোম্পানীটোৰ ইবিআইটিডিএ (আৰ্নিংছ বিফোৰ ইন্টাৰেষ্ট, টেক্স, ডিপ্ৰিচিয়েচন এণ্ড এমোৰ্টাইজেচন) ৮৭.৩৯ কোটি টকা।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া