বৰপেটা, ২৪ ছেপ্টেম্বৰ (হি.স.)। মৰমৰ শিল্পী জুবিন গাৰ্গ পঞ্চভূতত বিলীন হৈ গ'ল। জুবিনক হেৰুৱাৰ দুখ বেদনা, অসহায়তাত আজিও মূক, মৌন সমগ্ৰ ৰাজ্যবাসীক। আজিও ঠায়ে ঠায়ে অনুষ্ঠিত হৈ আছে জুবিনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।
যিহেতু জুবিনৰ প্ৰয়াণৰ পিচৰে পৰাই সমগ্ৰ ৰাজ্য স্তব্ধ হৈ পৰিছিল। বন্ধ হৈ পৰিছিল দোকান-পোহাৰ, শিক্ষানুষ্ঠান। আজি শিক্ষানুষ্ঠান খোলাৰ লগে লগে আৰম্ভ হৈছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। বৰপেটাৰোড চহৰৰ এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ত প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি যাচে কণ কণ ছাত্ৰ ছাত্ৰীসকলে। মানাস ভেলী একাডেমী নামৰ বিদ্যালয়খনৰ এটি ১১ বছৰীয়া শিশুৱে জুবিন গাৰ্গৰ মায়াবিনী গানটোৰে প্ৰয়াত শিল্পী গৰাকীলৈ নিবেদন কৰে শ্ৰদ্ধাঞ্জলি।
শিশুটোৰ কন্ঠত প্ৰাণ পাই উঠা শিল্পীগৰাকীৰ কন্ঠই প্ৰতীয়মান কৰিলে, জুবিন অবিনাশী, জুবিনৰ মৃত্যু নাই। নতুন প্ৰজন্মই যুগ যুগান্তৰলৈ কঢ়িয়াই নি থাকিব জুবিন গাৰ্গৰ গান, জুবিন গাৰ্গৰ সৃষ্টি আৰু স্মৃতি।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা