শোণিতপুৰ, ২৪ ছেপ্টেম্বৰ (হি.স.)। ৰাজ্যিক মৰ্জদাৰে জনকণ্ঠ জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন হোৱাৰ সময়তে শোণিতপুৰৰ বালিপৰাত জুবিন গাৰ্গৰ অনুৰাগীসকলে সংকল্প লয় প্ৰিয় শিল্পীগৰাকীৰ আৱক্ষ মূৰ্তি নিৰ্মাণৰ পদক্ষেপ। সেই মৰ্মে জুবিন গাৰ্গৰ অনুৰাগী বালিপৰাৰ মজিদুৰ ৰহমানে তেখেতৰ বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় সমীপতে থকা মাটি মূৰ্তি নিৰ্মাৰ বাবে দান কৰে আৰু আজি উক্ত স্হানতেই কৰা হয় ভূমি পূজন ।
বালিপৰাঞ্চলৰ দল মত নিৰ্বিশেষে উপস্থিত শতাধিক ৰাইজৰ উপস্থিতিত পৰম্পৰাগত নীতি নিয়মেৰে ভূমি পূজন কৰি শীঘ্ৰে প্ৰিয় শিল্পীগৰাকীৰ আৱক্ষ মূৰ্তি নিৰ্মাণেৰে তেখেতক বালিপৰাৱাসীৰ মাজত ৰখাৰ প্ৰয়াস কৰা হব বুলি কয় ভূমিদাতা ৰহমানে । উল্লেখ্য যে , যি স্থানত বালিপৰাৱাসীয়ে আৱক্ষ মূৰ্তি নিৰ্মানৰ প্ৰস্তুতি চলাইছে সেই স্থানতেই জুবিন গাৰ্গে দুবাৰকৈ সংগীতানুষ্ঠানত পৰিবেশন কৰি গৈছিল ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা