সোণাপুৰৰ নৈসৰ্গিক পৰিৱেশত আজি পঞ্চভূতত বিলীন হ’ব প্ৰিয়শিল্পী জুবিন গাৰ্গৰ নশ্বৰ দেহ
গুৱাহাটী, ২৩ ছেপ্টেম্বৰ (হি.স.)। মৰমৰ সংগীত শিল্পী জুবিন গাৰ্গৰ এই ধৰাত আজি শেষ দিন। আজি মঙলবাৰে পঞ্চভূতত বিলীন হ’ব হিয়াৰ আমঠু জুবিন গাৰ্গ। সোণাপুৰৰ নৈসৰ্গিক পৰিৱেশত আজি পঞ্চভূতত বিলীন হ’ব প্ৰিয়শিল্পী জুবিন গাৰ্গৰ নশ্বৰ দেহ। হিয়াৰ আমঠু জুবিন গাৰ্গক
সৰুসজাইত জুবিন গাৰ্গলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি


জুবিন গাৰ্গলৈ মুখ্যমন্ত্ৰীৰ শেষ শ্ৰদ্ধাঞ্জলি


গুৱাহাটী, ২৩ ছেপ্টেম্বৰ (হি.স.)। মৰমৰ সংগীত শিল্পী জুবিন গাৰ্গৰ এই ধৰাত আজি শেষ দিন। আজি মঙলবাৰে পঞ্চভূতত বিলীন হ’ব হিয়াৰ আমঠু জুবিন গাৰ্গ। সোণাপুৰৰ নৈসৰ্গিক পৰিৱেশত আজি পঞ্চভূতত বিলীন হ’ব প্ৰিয়শিল্পী জুবিন গাৰ্গৰ নশ্বৰ দেহ।

হিয়াৰ আমঠু জুবিন গাৰ্গক শ্ৰদ্ধাৰে শেষ বিদায় দিবলৈ সোণাপুৰৰ কমাৰকুছিত নিৰ্ধাৰিত স্থানত নিৰন্তৰ বাঢ়িছে ব্যস্ততা। লাখ লাখ অনুৰাগীৰ চকুত চকুলো বোৱাই সোণাপুৰৰ নৈসৰ্গিক পৰিৱেশৰ মাজতেই শেষ জিৰণি ল’ব জুবিন গাৰ্গে। অসমীয়াৰ প্ৰিয় শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে সাজু কৰা হৈছে চন্দন কাঠৰ চিতা। লগতে আৰম্ভ হৈছে মাংগলিক কাম-কাজ।

আনহাতে চিতাত জুবিন গাৰ্গৰ মুখাগ্নি কৰা ব্যক্তিজন চূড়ান্ত কৰা হৈছে। জুবিন গাৰ্গৰ ভগ্নী পামি বৰঠাকুৰে মুখাগ্নি কৰিব অসমীয়াৰ প্ৰিয় শিল্পী জুবিন গাৰ্গৰ। পামি বৰঠাকুৰক সংগ দিব অৰুণ গাৰ্গ আৰু ৰাহুল গৌতম শৰ্মাই। পামি বৰঠাকুৰ, ৰাহুল গৌতম আৰু অৰুণ গাৰ্গে কৰিব জুবিন গাৰ্গৰ মুখাগ্নি। পঞ্চভূতত বিলীন হৈ পৰিব প্ৰিয়শিল্পী জুবিন গাৰ্গৰ নশ্বৰ দেহ। এইদৰে মঙলবাৰে শেষকৃত্য সম্পন্ন হ’ব জুবিন গাৰ্গৰ। সোণাপুৰত চিৰদিনৰ বাবে শুই পৰিব অসম মাতৃৰ প্ৰিয় সন্তানগৰাকী।

ইফালে সৰুসজাইত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বন্ধ কৰা হৈছে আৰু মাজ নিশাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যোৱা হয় জুবিন গাৰ্গৰ নশ্বৰ দেহ। মুখ্যমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলিৰ পিছতেই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে পুষ্পৰথত ৰাওনা হয় জুবিনৰ নশ্বৰ দেহ।

উল্লেখ্য যে অসমবাসী ৰাইজৰ আহ্বানমৰ্মে, ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মঙলবাৰে পুনৰ জুবিন গাৰ্গৰ নশ্বৰ দেহৰ মৰণোত্তৰ পৰীক্ষা কৰা হ'ব। সোমবাৰে নিশা ১২ বজাৰ পিছত সৰুসজাইত বন্ধ কৰা হয় জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। নিৰ্ধাৰিত সময়ৰ পূৰ্বেই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যোৱা হয় জুবিন গাৰ্গৰ নশ্বৰ দেহ। মাজ নিশা সৰুসজাইত উপস্থিত হৈ অন্তিমবাৰৰ বাবে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। মুখ্যমন্ত্ৰীৰ সৈতে সৰুসজাইত উপস্থিত থাকে মন্ত্ৰী বিমল বৰা, প্ৰমোদ বৰা। লগতে উপস্থিত থাকে আৰক্ষী সঞ্চালকপ্ৰধান হৰমীত সিং আৰু গুৱাহাটী মহানগৰ আয়ুক্ত পাৰ্থসাৰথি মহন্ত।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande