নতুন দিল্লী, ২৩ ছেপ্টেম্বৰ (হি.স.)। ভাৰতীয় জনতা পাৰ্টিয়ে উল্লেখ কৰে যে ঔষধ আৰু যান-বাহনৰ মূল্য যথেষ্ট হ্ৰাস পোৱাৰ বাবে জি এছ টি সংস্কাৰৰ প্ৰথম দিনটোতে বিক্ৰীৰ অভিলেখ ভংগ হয়। জি এছ টি সংস্কাৰৰ ফলত ঔষধৰ পৰা আৰম্ভ কৰি বাহনলৈকে সকলো বিষয়তে সাধাৰণ জনতাক যথেষ্ট সকাহ দিছে। ৰক্তচাপ আৰু ডায়েবেটিছৰ ঔষধ ক্ৰয় কৰা লোকসকলে ৩০০ৰ পৰা ৫০০ টকা সঞ্চয় হোৱা দেখা গৈছে। কৰ্কট ৰোগৰ দৰে গুৰুতৰ ৰোগত আক্ৰান্ত ৰোগীয়েও ঔষধৰ দাম হ্ৰাস পোৱাৰ পৰা সকাহ লাভ কৰিছে। বিজেপিয়ে উল্লেখ কৰে যে প্ৰায় সকলো খণ্ডতে ড্ৰাগছ আৰু বীমাৰ হাৰ হ্ৰাস পাইছে।
মঙলবাৰে বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত সাংসদ তথা দলৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ড০ সম্বিত পাত্ৰই কয় যে নৱৰাত্ৰি আৰু দুৰ্গা পূজাৰ বাবে দেশত ইতিমধ্যে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে যদিও জি এছ টি হ্ৰাসৰ ফলত এতিয়া উৎসৱৰ মনোভাৱ বহুগুণে বৃদ্ধি পাইছে। জি এছ টি সংস্কাৰে প্ৰতিটো খণ্ডৰ লোকক সকাহ দিছে। অটোমোবাইল খণ্ডতো অভিলেখ সৃষ্টি হৈছে। মাৰুতি চুজুকিয়ে ৩৫ বছৰীয়া অভিলেখ ভংগ কৰাৰ বিপৰীতে হুণ্ডাইয়ে ৫ বছৰীয়া অভিলেখ ভংগ কৰে। সংস্কাৰৰ প্ৰথম দিনাই ৮০ হাজাৰৰো অধিক অনুসন্ধান লাভ কৰা হয়, আৰু ২৫ হাজাৰৰো অধিক মাৰুতি গাড়ী গ্ৰাহকৰ হাতত গতাই দিয়া হয়। ডেলিভাৰী সম্পূৰ্ণ হোৱাটো নিশ্চিত কৰিবলৈ মাজনিশালৈকে ডিলাৰশ্বিপ খোলা আছিল। অতি সোনকালে গাড়ীৰ ডেলিভাৰীৰ সংখ্যা ৩০ হাজাৰ হোৱাৰ সম্ভাৱনা আছে। কেৱল প্ৰথম দিনাই ৭৫ হাজাৰ বুকিং ৰেকৰ্ড কৰা হয়। মাৰুতি গাড়ীৰ কেইবাটাও ভেৰিয়েণ্টৰ ষ্টক শেষ হোৱাৰ সম্ভাৱনা আছে। মহিন্দ্ৰাকে ধৰি অন্যান্য কোম্পানীৰ গাড়ীৰ প্ৰতিও গ্ৰাহকে অসাধাৰণ উৎসাহ দেখিছিল।
বিজেপিৰ মুখপাত্ৰ ড০ সম্বিত পাত্ৰই কয় যে কালি বিজেপি আৰু এন ডি এৰ মন্ত্ৰীসকলে যেতিয়া বজাৰত দোকানী আৰু গ্ৰাহকক সাক্ষাৎ কৰিছিল তেতিয়া তেওঁলোকে অতিশয় ইতিবাচক সঁহাৰি লাভ কৰিছিল। গাড়ীৰ বিক্ৰীৰ উত্থান অভূতপূৰ্ব। মাৰুতি চুজুকিয়ে ৩৫ বছৰীয়া অভিলেখ ভংগ কৰিলে, আৰু হুণ্ডাইয়ে ৫ বছৰীয়া অভিলেখ ভংগ কৰিলে। জি এছ টি সংস্কাৰৰ বাবেই নৱৰাত্ৰিৰ শুভাৰম্ভণি এক ডাঙৰ হৈ পৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া