মহাৰাষ্ট্ৰৰ ৩০খন জিলাত বানপানীৰ বিধ্বংসী ৰূপ ধাৰণ, ৮ গৰাকীৰ মৃত্যু আৰু ১০ জন আহত
–বানাক্ৰান্ত কৃষকৰ বাবে ₹২২১৫ কোটি টকাৰ অনুমোদন মুম্বাই, ২৩ ছেপ্টেম্বৰ (হি.স.)। মহাৰাষ্ট্ৰৰ প্ৰচণ্ড বৰষুণৰ ফলত হোৱা বানপানীৰ ফলত যোৱা ২৪ ঘণ্টাত ৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে দহজন লোক আহত হোৱাৰ কথা মঙলবাৰে মুম্বাইত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফা
फोटो:लगातार बारिश से लोग प्रभावित


–বানাক্ৰান্ত কৃষকৰ বাবে ₹২২১৫ কোটি টকাৰ অনুমোদন

মুম্বাই, ২৩ ছেপ্টেম্বৰ (হি.স.)। মহাৰাষ্ট্ৰৰ প্ৰচণ্ড বৰষুণৰ ফলত হোৱা বানপানীৰ ফলত যোৱা ২৪ ঘণ্টাত ৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে দহজন লোক আহত হোৱাৰ কথা মঙলবাৰে মুম্বাইত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নভিছে প্ৰকাশ কৰে। আজি কেবিনেট বৈঠকত বানপীড়িত অঞ্চলৰ ক্ষতিগ্ৰস্ত কৃষকসকলক সহায়ৰ বাবে ২২১৫ কোটি ₹ৰ অনুমোদন দিছে। এই সাহায্য অহা এসপ্তাহৰ ভিতৰত ৩১.২৪ লাখ ক্ষতিগ্ৰস্ত কৃষকৰ বেংক একাউণ্টলৈ হস্তান্তৰ কৰা হ’ব।

আজি সচিবালয়ত অনুষ্ঠিত কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্রী ফাড়নভিছে সাংবাদিকৰ আগত কয় যে মহাৰাষ্ট্রৰ মাৰাথৱাড়া অঞ্চলৰ বীদ, পাৰভানি, সম্ভাজিনগৰ, ধৰাশিৱ, আৰু লাটুৰ জিলাসমূহে বানৰ ফলত সৰ্বাধিক ক্ষতিসাধন হৈছে। বীড আৰু ধৰাশিৱত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে হেলিকপ্টাৰ ব্যৱহাৰ কৰা হৈছে। তেওঁ নৌসেনাৰ পৰা অতিৰিক্ত হেলিকপ্টাৰ বিচাৰিছে। মুখ্যমন্ত্রী সোণোৱালে প্রয়োজন হ’লে বানপীড়িত জিলাসমূহক অতিৰিক্ত সাহায্য প্রদানৰ বাবে সাজু হৈছে বুলি উল্লেখ কৰে৷ যিসকলে লোকচানৰ সন্মুখীন হৈছে তেওঁলোকে লাভ কৰিব সাহায্য। কাইলৈৰ পৰা সকলো মন্ত্ৰীকে বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰিবলৈও নিৰ্দেশ দিছে। জিলা দণ্ডাধীশসকলক স্থানীয় সহায় আগবঢ়াবলৈ কৰ্তৃত্ব প্ৰদান কৰা হৈছে।

মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে এই বছৰ ৯৭৫ মিলিমিটাৰ বৰষুণ হৈছে, যিটো গড় বৰষুণৰ তুলনাত ১০২ শতাংশ বেছি। বৰষুণ এতিয়াও দি আছে, জলাশয়বোৰ বুকুত ভৰি পৰিছে। ফলস্বৰূপে জলাশয়ৰ পৰা পানী নদীলৈ এৰি দিয়া হৈছে। ধাৰাসাৰ বৰষুণ আৰু উফন্দি উঠা জলাশয়ৰ ফলত বানপানীৰ সৃষ্টি হৈছে যদিও ক্ষতিগ্ৰস্তসকলক সাহায্য প্ৰদানৰ বাবে চৰকাৰে যৎপৰোনাস্তি চেষ্টা চলাইছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande