গহপুৰত জুবিন অনুৰাগী হিচাপে পৰিচিত যুৱকৰ অস্বাভাৱিক মৃত্যু
বিশ্বনাথ, ২৩ ছেপ্টেম্বৰ (হি.স.)। অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নশ্বৰ দেহ পঞ্চভূতত বিলীন হোৱাৰ দিনাই বিশ্বনাথৰ গহপুৰত পোহৰলৈ আহিছে এক মৰ্মান্তিক ঘটনা। এগৰাকী প্ৰকৃত জুবিন অনুৰাগী হিচাপে পৰিচিত পাৰ্থ বৰকটকী নামৰ যুৱক জনক মৃত অৱস্থাত উদ্ধাৰ কৰা হয়।
জুবিন অনুৰাগী হিচাপে পৰিচিত যুৱক পাৰ্থ বৰকটকী


বিশ্বনাথ, ২৩ ছেপ্টেম্বৰ (হি.স.)। অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নশ্বৰ দেহ পঞ্চভূতত বিলীন হোৱাৰ দিনাই বিশ্বনাথৰ গহপুৰত পোহৰলৈ আহিছে এক মৰ্মান্তিক ঘটনা। এগৰাকী প্ৰকৃত জুবিন অনুৰাগী হিচাপে পৰিচিত পাৰ্থ বৰকটকী নামৰ যুৱক জনক মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। সকলোৱে তেওঁক জুবিন বলিয়া যুৱক বুলিয়েই জানে। অসম আৰু অসমীয়াৰ আজন্ম শিল্পী সদ্য প্ৰয়াত জুবিন গাৰ্গৰ সৈতে অন্তৰংগ সম্পৰ্ক আছিল যুৱকজনৰ।।

উল্লেখ্য যে গহপুৰ নগৰৰ পুৰুপবাৰী নিবাসী প্ৰয়াত জিতেন বৰকটকী আৰু অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী প্ৰয়াত হিৰা হাজৰিকাৰ একমাত্ৰ সন্তান পাৰ্থই বাংগালুৰুৰ পৰা বিচিএ উত্তীৰ্ণ হোৱাৰ পিছত গুৱাহাটীত থাকি গাড়ীৰ ব্যৱসায় কৰিবলৈ লয়। গুৱাহাটীত থকা সময়ৰ পৰা জুবিন গাৰ্গৰ লগত নিবিড় সম্পৰ্ক হৈ পৰে পাৰ্থৰ। পিছলৈ জুবিন গাৰ্গৰ ঘৰৰ লগতো আন্তৰিকতাপূৰ্ণ সম্পৰ্ক গঢ় লৈ উঠে আৰু জুবিন গাৰ্গৰ ঘৰলৈ প্ৰায় অহা যোৱা কৰিবলৈ লয়‌ তেওঁ। সঁচা অৰ্থত জুবিনক ভাল পোৱা পাৰ্থক জুবিনৰ মৃত্যুৰ বাতৰিয়ে সকলোকে বাকৰুদ্ধ কৰি তোলে।

জুবিনৰ নশ্বৰদেহ গুৱাহাটীলৈ অহাৰ প্ৰথম দিনটোতে তেওঁ গুৱাহাটীলৈ গৈ জুবিনৰ নশ্বৰদেহত পুস্পাঞ্জলী অৰ্পণ কৰি পুৰূপবাৰীৰ ঘৰলৈ উভতি অহাৰ পিছৰে পৰা উপবাসে থাকিবলৈ লয় তেওঁ। ঘৰত অকলশৰীয়াকৈ থকা পাৰ্থই ২১ ছেপ্তেম্বৰৰ সন্ধিয়া পুৰূপবাৰীৰ জুবিনৰ এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰি কান্দি কান্দি ভাগৰুৱা হৈ পৰে।

ওচৰ চুবুৰীয়াই সোমবাৰৰ পৰা পাৰ্থক দেখা নাপায় মঙলবাৰে সন্ধিয়া প্ৰায় ৫ বজাত চাওঁতে মৃত অৱস্থাত উদ্ধাৰ কৰে। ইয়াৰ পিছতে হুৱা দুৱা লাগে অঞ্চলটোত। জুবিন গাৰ্গৰ মৃত্যুৰ শোকত উপবাসে থকাৰ লগতে অধিক আবেগিক হোৱাৰ ফলতে পাৰ্থ বৰকটকীৰ অকাল মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে। তেওঁৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে ।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande