সংগীত শিল্পী জুবিন গাৰ্গৰ দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষা সম্পন্ন, সৰুসজাইৰ পৰা সোণাপুৰলৈ নিয়া হ’ল জুবিন গাৰ্গৰ নশ্বৰ দেহ
গুৱাহাটী, ২৩ ছেপ্টেম্বৰ (হি.স.)। অসমৰ প্ৰখ্যাত গায়ক, অভিনেতা, হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা মঙলবাৰে পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত সম্পূৰ্ণ হয়। আজি পূৰ্ণ ৰাজ্যিক সন্মানেৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ’ব। সোণাপুৰৰ হাতী
সংগীত শিল্পী জুবিন গাৰ্গৰ দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষা সম্পন্ন, সৰুসজাইৰ পৰা সোণাপুৰলৈ নিয়া হ’ল জুবিন গাৰ্গৰ নশ্বৰ দেহ


গুৱাহাটী, ২৩ ছেপ্টেম্বৰ (হি.স.)। অসমৰ প্ৰখ্যাত গায়ক, অভিনেতা, হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা মঙলবাৰে পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত সম্পূৰ্ণ হয়। আজি পূৰ্ণ ৰাজ্যিক সন্মানেৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ’ব। সোণাপুৰৰ হাতীমূৰাত উপস্থিত হৈছেগৈ জুবিন গাৰ্গৰ নশ্বৰ দেহ কঢ়িয়াই নিয়া বাহন।

উল্লেখ্য যে জি এম চি এইচ, প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয়, আৰু এইমছৰ চাৰিজন বিশেষজ্ঞ চিকিৎসকক লৈ এক বিশেষ চিকিৎসা দলে কঠোৰ তত্বাৱধানত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে। ৰাজ্য আৰু জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াৰ লগতে অসম আৰক্ষীৰ শীৰ্ষ বিষয়া আৰু স্বাস্থ্য বিভাগৰ প্ৰতিনিধিয়ে চিকিৎসালয়খনত মৰণোত্তৰ পৰীক্ষাৰ প্ৰক্ৰিয়াটো নিৰীক্ষণ কৰে।

এক্স-ৰেকে ধৰি সকলো চিকিৎসা পদ্ধতি সম্পূৰ্ণ হোৱাৰ পিছত গাৰ্গৰ মৃতদেহক বিশেষভাৱে সজ্জিত বাহনত পুনৰ সৰুসজাই ষ্টেডিয়ামলৈ লৈ যোৱা হয়। ষ্টেডিয়ামৰ পৰাই আৰম্ভ হয় সোণাপুৰলৈ শোভাযাত্ৰা। জুবিনৰ নশ্বৰদেহৰ সৈতে একেলগে গৰিমা গাৰ্গেও যাত্ৰা কৰিছে। লগতে আছে পামী বৰঠাকুৰ, ৰাহুল গৌতম শৰ্মা। জুবিনৰ লগতে একেলগে যাত্ৰা অৰুণ গাৰ্গৰ। মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাও গৈছে জুবিন গাৰ্গৰ সৈতে। সৰুসজাইৰ পৰা সোণাপুৰৰ হাতীমূৰাত উপস্থিত হ’লগৈ জুবিন গাৰ্গৰ নশ্বৰ দেহ কঢ়িয়াই নিয়া বাহন। সৰুসজাইৰ পৰা সোণাপুৰলৈকে সমগ্ৰ পথৰ দুয়োকাষে ভিৰ কৰে জনতাই। ঠায়ে ঠায়ে জুবিনক কঢ়িয়াই নিয়া পুষ্পসজ্জিত বাহনৰ কাষ চাপি আহিছে জনতা। জুবিন গাৰ্গৰ নশ্বৰ দেহ কঢ়িয়াই নিয়া বাহনৰ পাছে পাছে গৈছে বহু অনুৰাগীও। একেদৰে হাতীমূৰাত আছে হাজাৰ হাজাৰ অনুৰাগী। লগতে উপস্থিত আছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। উপস্থিত আছে বিৰোধী ৰাজনৈতিক দলৰ নেতাসকলো। ইয়াৰ উপৰি আছুকে ধৰি অন্যান্য দল, সংগঠনৰ নেতা, সাংস্কৃতিক কৰ্মীও শেষকৃত্যৰ স্থলীত উপস্থিত আছে । একেদৰে সাজু হৈ আছে জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন কৰিবলগীয়া পুৰোহিত তুষাৰ ভাগৱতী আৰু পংকজ শৰ্মা। সাজু হৈ আছে চণ্ডাল হিচাপে ধৃতিমালা, জয়ন্ত বৰুৱা, ললিত নাথ আৰু হিৰণ্য দাস। হাতীমূৰাত হিন্দু ধৰ্মীয় নিয়মেৰে জুবিন গাৰ্গৰ নশ্বৰ দেহৰ শেষকৃত্যৰ অনুষ্ঠান সম্পন্ন কৰাৰ সম্পূৰ্ণ ব্যৱস্থা গঢ়ি তোলা হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande