গোৱালপাৰা জিলাৰ মাটিয়াৰ দলগোমাৰ জুবিন গাৰ্গৰ মৃত্যু সহ্য কৰিব নোৱাৰি আত্মহত্যা যুৱকৰ
গোৱালপাৰা, ২৩ ছেপ্টেম্বৰ (হি.স.)। গোৱালপাৰা জিলাৰ মাটিয়াৰ দলগোমাৰ জুবিন গাৰ্গৰ মৃত্যু সহ্য কৰিব নোৱাৰি আত্মহত্যা যুৱকৰ। আত্মহত্যা কৰা যুৱকৰ নাম মানস দাস ওৰফে বাপা। প্ৰয়াত ৰঞ্জিত দাস আৰু ভৱানী দাসৰ ২৩ বছৰীয়া পুত্ৰ মানস দাসে কালি সন্ধিয়া দলগোমাত প্
গোৱালপাৰা জিলাৰ মাটিয়াৰ দলগোমাৰ জুবিন গাৰ্গৰ মৃত্যু সহ্য কৰিব নোৱাৰি আত্মহত্যা যুৱকৰ


গোৱালপাৰা, ২৩ ছেপ্টেম্বৰ (হি.স.)। গোৱালপাৰা জিলাৰ মাটিয়াৰ দলগোমাৰ জুবিন গাৰ্গৰ মৃত্যু সহ্য কৰিব নোৱাৰি আত্মহত্যা যুৱকৰ। আত্মহত্যা কৰা যুৱকৰ নাম মানস দাস ওৰফে বাপা। প্ৰয়াত ৰঞ্জিত দাস আৰু ভৱানী দাসৰ ২৩ বছৰীয়া পুত্ৰ মানস দাসে কালি সন্ধিয়া দলগোমাত প্ৰয়াত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছিল।

অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতে কান্দি কান্দি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল জুবিন গাৰ্গৰ অনুৰাগী মানস দাসে। ইয়াৰ পিছতে আবেগিক হৈ পৰে আৰু নিশা ডিঙিত চীপজৰী লৈ চৰম সিদ্ধান্ত লয় মানস দাসে। ইয়াৰ পিছত আৰক্ষীক খবৰ দিয়া হয়। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা শ্বহীদ নিধাৰুৰাম ৰাজবংশী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আজি মৰণোত্তৰ পৰীক্ষাৰ পিছত আৰক্ষীয়ে পৰিয়ালৰ লোকক চমজাই দিব। এইদৰে জুবিন গাৰ্গৰ শোকত ভাগি পৰি এগৰাকী যুৱক আত্মহত্যা কৰাৰ ঘটনাক লৈ অঞ্চল টোত চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে শোকৰ ছাঁ পৰিছে।

ইপিনে মৃত্যুৰ পূৰ্বে নিজৰ মোবাইলত জুবিন গাৰ্গৰ ন্যায় বিচাৰি বনাই থৈ গল ভিডিও।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande