বাক্সা, ২৩ ছেপ্টেম্বৰ (হি.স.): বাক্সা জিলাৰ গোৰেশ্বৰৰ বৰঘুলিত ভোটৰ বাকচ সলনি কৰাৰ সন্দেহত যোৱাকালি সোমবাৰে নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বৰঘূলি নেহৰু হাইস্কুলত অনুষ্ঠিত ৬৯ নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা ভোটৰ বাকচ সলনি কৰি চুৰি কৰাৰ অভিযোগত ইউ পি পি এল আৰু বিপিএফ দলৰ কৰ্মী তথা স্থানীয় লোকে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতি।
ইউপিপিএল আৰু বিপিএফৰ একাংশ কৰ্মীয়ে অভিযোগ কৰা মতে কেন্দ্ৰটোত শান্তিপূৰ্ণভাবে ভোটগ্ৰহণ প্ৰক্ৰিয়া সামৰণি পৰিছিল । কিন্তু বিদ্যুৎ সংযোগ ব্যাহত হোৱাৰ সময়ত এই ঘটনাটো সংঘটিত হয়। নিৰ্বাচনী কামত জড়িত এজন কৰ্মচাৰীৰ সহযোগত এখন বাহনত এটা বাকচ চুৰি কৰি লৈ যায়। কোনো দুস্কৃতিকাৰীয়ে আন্ধাৰৰ সুযোগলৈ কৰ্মচাৰীজনক এটা বেলেগ বাকচ দি ভোটৰ বাকচটো সলনি কৰি লৈ যায়। ভোটৰ বাকচ সলনি কৰাৰ সন্দেহত ইউপিপিএল আৰু বিপিএফৰ কৰ্মীসকলে স্থানীয় ৰাইজৰ সহযোগত নিৰ্বাচনী বিষয়া, কৰ্মচাৰী অনা এএছ ০১ কেচি ৩৪২২ নম্বৰৰ বাহনখন ভোটৰ বাকচৰ সৈতে আৱদ্ধ কৰি ৰাখি কেন্দ্ৰটোত পুণৰ নতুনকৈ ভোট গ্ৰহণৰ দাবী জনায়।
ঘটনাস্থলীত তামুলপুৰ জিলাৰ আয়ুক্ত, আৰক্ষী অধীক্ষক, আৰক্ষী আৰু চিআৰপিএফৰ দ'ল কেন্দ্ৰটোত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে যদিও উত্তেজিত ৰাইজে' অসম পুলিচ গো বেক, চিআৰপিএফ গো বেক, বিজেপি মূৰ্দাবাদ'ধ্বনি দি পৰিস্থিতি উত্তপ্ত কৰি তুলি বাহনখন আৱদ্ধ কৰি ৰাখে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ