বজালীত এগৰাকী আৱেগিক জুবিন অনুৰাগীৰ ব্যতিক্ৰমী প্ৰতিবাদ
বজালীত এগৰাকী আৱেগিক জুবিন অনুৰাগীৰ ব্যতিক্ৰমী প্ৰতিবাদ।
বজালীত এগৰাকী আৱেগিক জুবিন অনুৰাগীৰ ব্যতিক্ৰমী প্ৰতিবাদ


বৰপেটা, ২৩ ছেপ্টেম্বৰ (হি.স.): বজালীত এগৰাকী আৱেগিক জুবিন অনুৰাগীয়ে কৰিছে ব্যতিক্ৰমী প্ৰতিবাদ। শ্যামকানু মহন্ত, শেখৰ জ্যোতি গোস্বামী আৰু সিদ্ধাৰ্থ শৰ্মাৰ ফটো ওলোমাই কৰে এই ব্যতিক্ৰমী প্ৰতিবাদ । চিআইডি নহয় চিবিআইয়ে কৰিব লাগে জুবিন দাৰ তদন্ত।

জুবিন গাৰ্গৰ মৃত্যু ৰহস্য জনক, জুবিন গাৰ্গৰ মৃত্যু হোৱা‌ নাই তেওঁক ৰহস্যজনক ভাৱে মাৰি পেলাইছে। জুবিন দাক লৈ কোনো ধৰণৰ ৰাজনীতি নকৰিব, জুবিন‌ দাৰ মৃত্যু হোৱা‌ নাই জুবিন দাই সদাই আমাৰ মাজত আছে। জুবিন দাক পৰিকল্পিত ভাৱে লৈ যাই মাৰ্ডাৰ কৰিছে। জুবিন দাৰ তদন্ত যাতে অসম চৰকাৰে ভালকৈ কৰে তাৰে আহ্বান জনাইছে এগৰাকী আৱেগিক জুবিন অনুৰাগী দিপাংকৰ দাসে। এনেদৰেই আজি পাঠশালাৰ মাজমজিয়াৰে নিজৰ চাৰিচকীয়া বাহনত শ্যামকানু মহন্ত, শেখৰ জ্যোতি গোস্বামী‌ আৰু সিদ্ধাৰ্থ শৰ্মাৰ ফটো ওলোমাই ব্যতিক্ৰমী ভাৱে প্ৰতিবাদ কৰা দেখা হ’ল।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande