জুবিন গাৰ্গৰ অকাল মৃত্যু–হোজাই জিলাত প্ৰান্তে-প্ৰান্তে অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
জুবিন গাৰ্গৰ অকাল মৃত্যুত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ ৰাজ্য৷
জুবিন গাৰ্গৰ অকাল মৃত্যু–হোজাই জিলাত প্ৰান্তে-প্ৰান্তে অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান


হোজাই, ২৩ ছেপ্টেম্বৰ (হি.স.): বৰ্ণময় সাংগীতিক যাত্ৰা সামৰি চিৰদিনৰ বাবে অজান দেশলৈ গুচি যোৱা অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল মৃত্যুত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ ৰাজ্য৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে হোজাই জিলাতো প্ৰান্তে-প্ৰান্তে অনুষ্ঠিত হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷

হোজাই ঢহৰৰ বিহুতলী খেলপথাৰত বিভিন্ন দল সংগঠনে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে।প্ৰিয় শিল্পীগৰাকীৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাপৰ্ণৰ পিছতেই শিল্পীগৰাকীৰ চিৰসেউজ গীত মায়াবিনী ৰাতিৰ বুকুত, ধুমুহাৰ সতে মোৰ..সমস্বৰে পৰিৱেশন কৰে সকলোৱে ৷ উক্ত অনুষ্ঠানত হোজাই সমষ্টি বিধায়ক ৰামকৃষ্ণ ঘোষ প্ৰক্তন বিধায়ক শিলাদিত‍্য দেৱ, চক্ৰ বিষয়া নিলাক্ষী বৈশ‍্য আৰু বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande