কোকৰাঝাৰ জিলাত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি, জিলাত “ড্ৰাই ডে” অব্যাহত
কোকৰাঝাৰ, ২৩ ছেপ্তেম্বৰ (হি.স.)। আজি কোকৰাঝাৰ জিলা প্ৰশাসনে সমগ্ৰ ৰাজ্যবাসীৰ সৈতে অসমৰ জনপ্ৰিয় সাংস্কৃতিক প্ৰতীক তথা শিল্পী, অভিনেতা, প্ৰযোজক আৰু পৰিচালক জুবিন গাৰ্গক বিদায় জনায় আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জুবিন গা
কোকৰাঝাৰ জিলাত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি, জিলাত “ড্ৰাই ডে” অব্যাহত ।


কোকৰাঝাৰ জিলাত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি, জিলাত “ড্ৰাই ডে” অব্যাহত ।


কোকৰাঝাৰ, ২৩ ছেপ্তেম্বৰ (হি.স.)। আজি কোকৰাঝাৰ জিলা প্ৰশাসনে সমগ্ৰ ৰাজ্যবাসীৰ সৈতে অসমৰ জনপ্ৰিয় সাংস্কৃতিক প্ৰতীক তথা শিল্পী, অভিনেতা, প্ৰযোজক আৰু পৰিচালক জুবিন গাৰ্গক বিদায় জনায় আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠান সোনাপুৰৰ পৰা লাইভ ষ্ট্ৰিম কৰা হৈছিল। জিলা আয়ুক্ত মাছাণ্ডা পাৰ্টিনৰ উপস্থিতিত বিভাগীয় বিষয়া আৰু কৰ্মচাৰীয়ে তেওঁৰ স্মৃতিৰ প্রতি শ্ৰদ্ধা জ্ঞাপন কৰে।

ইতিমধ্যে বিটিচি নিৰ্বাচন ২০২৫ৰ ভোটগ্ৰহণৰ দিনা আৰু তাৰ আগদিনাও কোকৰাঝাৰৰ বেচিক ট্ৰেইনিং চেণ্টাৰ য’ত সকলো ভোট-সম্পৰ্কীয় কাৰ্য্য চলি আছে, তাত জুবিন গাৰ্গৰ প্রতি পুষ্পাঞ্জলি অৰ্পণ কৰা হয়। জিলা আয়ুক্ত, জ্যেষ্ঠ বিষয়া আৰু ভোটকৰ্মী সকলে এই গৌৰৱময় শিল্পীৰ অসমীয়া সংস্কৃতি, সংগীত আৰু চলচ্চিত্ৰত দিয়া অৱদান স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ইপিনে জনপ্ৰিয় শিল্পী আৰু জনগণৰ হাৰ্টথ্ৰ'ব জুবিন গাৰ্গৰ মৃত্যু উপলক্ষে জিলাখনত “ড্ৰাই ডে” ৰূপে ২২ আৰু ২৩ ছেপ্টেম্বৰ, ২০২৫ পালন কৰা হৈছে।

ৰাজ্যবাসীৰ সৈতে কোকৰাঝাৰ জিলা প্ৰশাসনেও এই অপূৰণীয় ক্ষতিত শোক প্ৰকাশ কৰিছে আৰু প্ৰজন্মৰ পিছত প্ৰজন্মলৈ জুবিন গাৰ্গৰ সাংস্কৃতিক দীপ্তি অনুপ্ৰেৰণা প্ৰদান কৰি থাকিব বুলি উল্লেখ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande