কাঠমাণ্ডু, ২৩ ছেপ্টেম্বৰ (হি.স.)। শেহতীয়াকৈ দেশজোৰা জেন জি প্ৰতিবাদৰ ফলত নেপালৰ পৰ্যটন খণ্ডত ভয়াৱহ প্ৰভাৱ পৰিছে। ৮ আৰু ৯ ছেপ্টেম্বৰৰ প্ৰতিবাদৰ পিছত পৰিস্থিতি দ্ৰুতগতিত স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ সময়তে পৰ্যটকসকল শংকিত হৈ আছে।
সাধাৰণতে বিদেশী পৰ্যটকৰ বাবে ছেপ্টেম্বৰ মাহটোৱেই আটাইতকৈ ব্যস্ততাপূৰ্ণ মাহ, কিন্তু এই মাহত পৰ্যটকৰ আগমনৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে। নেপাল পৰ্যটন ব’ৰ্ড, হোটেল এছ’চিয়েশ্যন অৱ নেপাল (এইচএএন), আৰু নেপাল এছ’চিয়েশ্যন অৱ ট্যুৰ এণ্ড ট্ৰেভেল এজেণ্টছ (নাটা) সকলোৱে কয় যে নেতিবাচক প্ৰচাৰ আৰু নিৰাপত্তাৰ বিপদৰ ফলত পৰ্যটকৰ আগমন হ্ৰাস পাইছে।
নাটাৰ সভাপতি কুমাৰ মণি থাপলিয়াৰ মতে, নেতিবাচক প্ৰচাৰ আৰু নিৰাপত্তাৰ বিপদৰ বাৰ্তাৰ ফলত পৰ্যটকৰ আগমনৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে। বুকিং বাতিলৰ সংখ্যাও বৃদ্ধি পাইছে। তেওঁ বুজাই দিলে যে ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত সাধাৰণতে প্ৰায় ১ লাখ ৫০ হাজাৰৰ পৰা ২ লাখ পৰ্যটকে নেপাল ভ্ৰমণ কৰে। ৮ ছেপ্টেম্বৰলৈকে দৈনিক প্ৰায় ৪,০০০ৰ পৰা ৫,০০০ পৰ্যটক আহিছিল যদিও এতিয়া এই সংখ্যা ১০০০ তকৈও কমলৈ হ্ৰাস পাইছে।
থাপলিয়াই কয়, বিশ্বৰ বজাৰত দুটা মূল কাৰকে উদ্বেগ সৃষ্টি কৰিছে। এটা, অস্ত্ৰ লুটপাতৰ খবৰ। দ্বিতীয়তে, অপৰাধী পটভূমিৰ লোকক জেলৰ পৰা মুকলি কৰি দিয়াৰ উৰাবাতৰি।
একেদৰে সিংহা দৰবাৰৰ সন্মুখত বন্দুক লৈ এজন লোকৰ ফটো বহিঃৰাজ্যৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে নেপালত লুণ্ঠন আৰু অৰাজকতা বৃদ্ধি পোৱাৰ বাৰ্তা বিয়পি পৰে। থাপালিয়াই কয় যে আমাৰ দেশখন অৰাজকতাৰ সন্মুখীন হৈছে, আৰু মানুহৰ এনে ধাৰণা আছে যে চুডানৰ দৰে মানুহে গাড়ীত বন্দুক লৈ ঘূৰি ফুৰিছে।’
নেপাল পৰ্যটন ব’ৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া দীপক যোশীয়ে জনোৱা মতে, প্ৰতিবাদৰ বাবে বৰ্তমান পৰ্যটকৰ আগমন ৪০ শতাংশ পৰ্যন্ত হ্ৰাস পাইছে। তেওঁ আশংকা কৰিছে যে এই সংখ্যা আৰু হ্ৰাস পাব পাৰে, যিটো নেপালৰ পৰ্যটন খণ্ডৰ বাবে এক অশুভ লক্ষণ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া