মায়াবিনী সুৰৰ মাজত পঞ্চভূতত বিলীন অমৰ কন্ঠ জুবিন গাৰ্গ
গুৱাহাটী, ২৩ ছেপ্টেম্বৰ (হি.স.)। জয় জুবিন দা, জুবিন দা অমৰ হওক জয়ধ্বনিৰ আলোকত মায়াবিনী সুৰৰ মাজত পঞ্চভূতত বিলীন হল অমৰ কন্ঠ জুবিন গাৰ্গ। দেৱমন্ত্ৰৰ দেৱসুৰৰে অগ্নিৰ কোলাত শুই পৰিল হিয়াৰ আমঠু জুবিন গাৰ্গ। অন্ত পৰিল সংগীতৰ এক মায়াময় জীৱন্ত যাত্ৰা। সো
মায়াবিনী সুৰৰ মাজত পঞ্চভূতত বিলীন অমৰ কন্ঠ জুবিন গাৰ্গ


গুৱাহাটী, ২৩ ছেপ্টেম্বৰ (হি.স.)। জয় জুবিন দা, জুবিন দা অমৰ হওক জয়ধ্বনিৰ আলোকত মায়াবিনী সুৰৰ মাজত পঞ্চভূতত বিলীন হল অমৰ কন্ঠ জুবিন গাৰ্গ। দেৱমন্ত্ৰৰ দেৱসুৰৰে অগ্নিৰ কোলাত শুই পৰিল হিয়াৰ আমঠু জুবিন গাৰ্গ। অন্ত পৰিল সংগীতৰ এক মায়াময় জীৱন্ত যাত্ৰা। সোঁৱৰণী হৈ ৰল কেতিয়াও ঘূৰি নহা বাটেৰে মৰমৰ জুবিনদাৰ শেষ যাত্ৰা।

সোণাপুৰৰ কমাৰকুছিত হাজাৰ হাজাৰ অনুৰাগীৰ উপস্থিতিত পঞ্চভূতত বিলীন হৈ পৰিল অমৰ কন্ঠ জুবিন গাৰ্গ। ৰাজ্যিক সন্মানেৰে শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। জুবিন গাৰ্গৰ মুখাগ্নি কৰে পামী বৰঠাকুৰে। লগতে সংগ দিয়ে ৰাহুল গৌতম শৰ্মা, অৰুণ গাৰ্গে। চিতাত তোলাৰ পিছত ২১ জাঁই টোপধ্বনিৰে জুবিন গাৰ্গক শেষ বিদায় দিয়ে। অস্ৰুসিক্ত নয়নেৰে লাখ লাখ জনতাই শেষ বিদায় জনালে মৰমৰ শিল্পীগৰাকীক।

শেষ যাত্ৰাত শিল্পী গৰাকীক পিন্ধাই দিয়া হয় তেওঁৰ প্ৰিয় ড্ৰেগণ সাজযোৰ । জীৱনৰ লগৰীক শেষ বাৰলৈ বিদায় জনাই কান্দোনত ভাগি পৰে পত্নী গৰিমা গাৰ্গ। শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়াত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কিৰেণ ৰিজিজু, পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি বিৰোধী ৰাজনৈতিক দলৰ নেতা, আছুকে ধৰি অন্যান্য দল, সংগঠনৰ নেতা, সাংস্কৃতিক কৰ্মী উপস্থিত থাকে । জুবিন গাৰ্গৰ শেষকৃত্য অনুষ্ঠানত পুৰোহিত হিচাপে দায়িত্ব পালন কৰে তুষাৰ ভাগৱতী আৰু পংকজ শৰ্মাই। একেদৰে চণ্ডাল হিচাপে ধৃতিমালা, জয়ন্ত বৰুৱা, ললিত নাথ আৰু হিৰণ্য দাসে দায়িত্ব পালন কৰে। হাতীমূৰাত হিন্দু ধৰ্মীয় নিয়মেৰে জুবিন গাৰ্গৰ নশ্বৰ দেহ পঞ্চভূতত বিলীন হৈ পৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande