নতুন দিল্লী, ২৩ ছপ্টেম্বৰ (হি.স.)। অকালতে জীৱন বন্তি নিৰ্বাপিত হোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ চিতা ভষ্ম দিল্লীলৈ লৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে । শঙ্কৰদেৱ ভৱনত দিল্লীবাসী জুবিন অনুৰাগীৰ বাবে শ্ৰদ্ধাঞ্জলি জনাবলৈ ৰখা হ'ব চিতা ভষ্ম।
সকলোৱে শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত হৰিদ্বাৰলৈ লৈ গৈ গঙ্গাত বিসৰ্জন দিয়া হ'ব চিতা ভষ্ম। কাইলৈ দিল্লী পোৱাৰ সম্ভাৱনা জুবিন গাৰ্গৰ চিতা ভষ্ম।
অসম এচছিয়েচন দিল্লীৰ সম্পাদক সুশুভন তালুকদাৰে জনালে এই কথা।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী