পেৰিছ, ২৩ ছেপ্টেম্বৰ (হি.স.)। পেৰিছত সোমবাৰে অনুষ্ঠিত এক অনুষ্ঠানত স্পেইন আৰু বাৰ্চিলোনাৰ তাৰকা মিডফিল্ডাৰ আইতানা বনমাটিয়ে একেৰাহে তৃতীয়বাৰৰ বাবে মহিলা বেলন ডি অ’ৰ বঁটা লাভ কৰে।
মহিলা ইউৰো ২০২৫ৰ ফাইনেলত ইংলেণ্ডৰ হাতত পেনাল্টি শ্বুটআউটত স্পেইনৰ পৰাজয়ৰ পিছতো শক্তিশালী প্ৰদৰ্শন আগবঢ়োৱা স্বদেশৰ মাৰিঅ’না কেলডেণ্টেইক অতিক্ৰম কৰিলে ২৭ বছৰীয়া বনমাটিয়ে। অৱশ্যে ক্লাব পৰ্যায়ত বনমাটিয়ে হতাশাৰ সন্মুখীন হ’বলগীয়া হয় আৰু তেওঁৰ দলটো মহিলা চেম্পিয়নছ লীগৰ ফাইনেলত কেলডেণ্টেইৰ আৰ্চেনালৰ হাতত পৰাস্ত হয়।
ইউৰো ২০২৫ত ভাইৰেল মেনিনজাইটিছৰ পৰা সুস্থ হৈ উঠাৰ বাবে প্ৰথম দুখন মেচত অংশ ল’ব নোৱাৰিলেও বনমাটিয়ে প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয়। ইংলেণ্ডৰ চেম্পিয়ন দলৰ ষ্ট্ৰাইকাৰ আলেছিয়া ৰুছ’ৱে এই বঁটাত তৃতীয় স্থান লাভ কৰে।
২০১৮ চনত মহিলা বেলন ডি অ’ৰ প্ৰৱৰ্তন কৰা হৈছিল আৰু এতিয়ালৈকে কেৱল নৰৱেৰ আডা হেগাৰবাৰ্গ আৰু আমেৰিকাৰ মেগান ৰেপিনোৱেহে এই বঁটা লাভ কৰিছে। ইয়াৰ পূৰ্বে বাৰ্চিলোনা আৰু স্পেইনৰ এলেক্সিয়া পুটেজাছে একেৰাহে দুবাৰকৈ ট্ৰফী লাভ কৰিছিল।
ফুটবলৰ কিংবদন্তি লিয়নেল মেছি আৰু মিচেল প্লেটিনিৰ অভিজাত তালিকাত এতিয়া যোগদান কৰিছে বনমাটিয়ে, যিয়ে একেৰাহে তিনিবাৰকৈ বেলন ডি অ’ৰ বঁটা লাভ কৰিছে।
हिन्दुस्थान समाचार / অৰৱিন্দ